
বৰপেটা, ২৬ জুন (হি.স.)। বৰপেটা জিলাৰ কলগাছিয়াত ডিষ্ট্ৰিক্ট লেভেল টাস্ক ফোৰ্চ, লেবাৰ ডিপাৰ্টমেন্ট, ডিষ্ট্ৰিক্ট লিগেল চাৰ্ভিছ অথৰিটি আৰু চাইল্ড প্ৰটেকশ্বন ইউনিট ৰ উদ্যোগত যৌথ অভিযান চলায়।
এই যৌথ অভিযানত কলগাছিয়া আৰক্ষী সহযোগ আগবঢ়ায়।কলগাছিয়া বজাৰৰ বিভিন্ন বাইকৰ গেৰেজ, গ্ৰীলৰ দোকান আৰু গুনিয়ালগুৰিৰ কাঠৰ ফাৰ্ণিচাৰ দোকানৰ পৰা মূঠ চাৰিজনকৈ শিশু শ্ৰমিকক উদ্বাৰ কৰে ।পৰবৰ্তী সময়ত উদ্ধাৰ কৰা চাৰিজনকৈ শিশু শ্ৰমিকক বৰপেটা শিশু সুৰক্ষা সমিতিৰ হাতত গতাই দিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ