
নতুন দিল্লী, ২৬ জুন (হি.স.)। লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহৰ লগতে আন কেইবাজনো নেতাই ছত্ৰপতি শাহু জী মহাৰাজৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
অমিত শ্বাহে কয়, দুৰদৰ্শী সমাজ সংস্কাৰক আৰু প্ৰগতিশীল শাসক মহান ৰাজাৰ্ষী ছত্ৰপতি শাহু জী মহাৰাজৰ জন্ম বাৰ্ষিকীত তেওঁলৈ কোটি কোটি প্ৰণাম ! তেওঁৰ জীৱনে আমাক শিকাইছে যে যিকোনো জাতিৰ বাবে প্ৰকৃত প্ৰগতি তেতিয়াহে সম্ভৱ যেতিয়া সমাজৰ শেষ ব্যক্তিজনেও সন্মান, সম সুযোগ, আৰু ন্যায়ৰ সৈতে আগবাঢ়ি যাব পাৰে। তেওঁৰ এক সুসম, সমতাবাদী আৰু ন্যায়পৰায়ণ ভাৰত গঢ়ি তোলাৰ আদৰ্শ আজিও প্ৰাসংগিক আৰু প্ৰেৰণাদায়ক হৈয়ে আছে।
অমিত শ্বাহে কয় যে সামাজিক সমতাৰ পতাকাধাৰী ছত্রপতি শাহু জী মহাৰাজে সৰ্বাংগীন শাসন ব্যৱস্থা শক্তিশালী কৰি জনকেন্দ্ৰিক শাসন ব্যৱস্থাৰ নিদৰ্শন দাঙি ধৰিলে। তেওঁ মহিলা শিক্ষা, বৃত্তি কাৰ্যসূচী, শিক্ষাৰ ব্যাপক সম্প্ৰসাৰণৰ জৰিয়তে সামাজিক সবলীকৰণৰ এক নতুন দিশ দিছিল। তেওঁৰ আদৰ্শ সদায় ৰাষ্ট্ৰ-নিৰ্মাণৰ প্ৰেৰণাৰ উৎস হৈ থাকিব।
কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে শাহু জী মহাৰাজে প্ৰাথমিক শিক্ষা, জাতি বৈষম্য দূৰ কৰা, অস্পৃশ্যতা নিৰ্মূল আদি বহু সংস্কাৰক প্ৰসাৰিত কৰিছিল। সমাজ সংস্কাৰৰ ক্ষেত্ৰত তেওঁৰ অৱদান অমূল্য।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে তেওঁ অস্পৃশ্যতা আৰু সামাজিক বৈষম্যৰ বিৰুদ্ধে যুঁজ দি সমতাবাদী আৰু সৰ্বাংগীন সমাজৰ বাবে এক সুদৃঢ় ভেটি স্থাপন কৰিছিল। তেওঁ ব্যাপক জনসচেতনতা বিয়পাইছিল আৰু নাৰী শিক্ষাৰ প্ৰসাৰ, বাল্যবিবাহ নিষিদ্ধ কৰা, বিধৱা পুনৰ বিবাহক উৎসাহিত কৰা, দুখীয়া, বঞ্চিত, পিছপৰা শ্ৰেণীক উন্নীত কৰাৰ বাবে বহুতো ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছিল। তেওঁৰ সামাজিক সম্প্ৰীতি আৰু জনকল্যাণৰ আদৰ্শই আমাক সমতাবাদী, সম্প্ৰীতিশীল, আৰু শক্তিশালী সমাজ গঢ়াৰ বাবে অনুপ্ৰাণিত কৰি থাকিব।
কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙে কয় যে তেওঁৰ দূৰদৰ্শী চিন্তা আৰু জনকল্যাণমূলক কামে আমাক সকলোকে সদায় অনুপ্ৰাণিত কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া