অবৈধ গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে ৰহা আৰক্ষীৰ সফল অভিযান
অবৈধ গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে ৰহা আৰক্ষীৰ সফল অভিযান।
অবৈধ গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে ৰহা আৰক্ষীৰ সফল অভিযান


নগাঁও, ২৬ জুন (হি.স.): অবৈধ গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে ৰহা আৰক্ষীয়ে সফল অভিযান চলায় । আৰক্ষীয়ে গো–ধন সৰৱৰাহ কৰা বাহন এখন জব্দ কৰে। গোপন সূত্ৰৰ পম খেদি ৰহাৰ ফুলগুৰি ৰাষ্ট্ৰীয় ঘাইপথত ৰহা আৰক্ষীয়ে যোৱা কালি সন্ধিয়া জব্দ কৰে গুৱাহাটী অভিমুখী এখন গৰু ভৰ্তি ট্ৰাক ।

উল্লেখ্য় যে বাহনখনত অবৈধভাৱে কঢ়িয়াই আনিছিল ৩৫টা গৰু । গো ধন সৰবৰাহ কৰা বাহনখনৰ নম্বৰ এএছ ০১ জিচি ৫১৮১ বুলি জনা গৈছে। বাহনখন জব্দ কৰাৰ লগতে আটক কৰে ট্ৰাকখনৰ চালক নজৰুল ইছলামক । নজৰুল ইছলামে জানিবলৈ দিয়া মতে কাজিৰঙাৰ পৰা মেঘালয়লৈ সৰবৰাহৰ বাবে অনা হৈছিল পশু ধন কেইটা ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande