শীঘ্ৰেই বন্ধ হ'ব বৰ্হিৰাজ্যৰ আমদানীকৃত গামোচা আৰু অন্যান্য বস্ত্ৰ–মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
গোলাঘাট, ২৬ জুন (হি.স.)। ৰাজ্যৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ নৱনিযুক্ত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ বৃহৎ ঘোষণা । শীঘ্ৰেই বন্ধ হ''ব বৰ্হিৰাজ্যৰ আমদানীকৃত গামোচা আৰু অন্যান্য বস্ত্ৰ । হস্ততাঁত বস্ত্ৰশিল্প বিভাগে বিশেষ কৌশল অৱলম্বন কৰি বন্ধ কৰিব পাৱাৰলুমৰ
শীঘ্ৰেই বন্ধ হ'ব বৰ্হিৰাজ্যৰ আমদানীকৃত গামোচা আৰু অন্যান্য বস্ত্ৰ–মন্ত্ৰী বিশ্বজিৎ দৈমাৰী


গোলাঘাট, ২৬ জুন (হি.স.)। ৰাজ্যৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ নৱনিযুক্ত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ বৃহৎ ঘোষণা । শীঘ্ৰেই বন্ধ হ'ব বৰ্হিৰাজ্যৰ আমদানীকৃত গামোচা আৰু অন্যান্য বস্ত্ৰ । হস্ততাঁত বস্ত্ৰশিল্প বিভাগে বিশেষ কৌশল অৱলম্বন কৰি বন্ধ কৰিব পাৱাৰলুমৰ বস্ত্ৰ ৷ বোকাখাতৰ পানবাৰীত নিৰ্মিয়মান কাজিৰঙা সংহত হস্ততাঁত উদ্যান পৰিদৰ্শন কৰি মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ এই ঘোষণা ।

ৰাজ্যৰ বয়ন শিল্পৰে জড়িত শিপিনী সকলক সকাহ দিয়াৰ উদেশ্যেৰে ৰাজ্য চৰকাৰৰ কেবিনেটে এই সন্দৰ্ভত পৰামৰ্শ দিছে হস্ততাঁত বস্ত্ৰশিল্প বিভাগক । এই ক্ষেত্ৰত কম দিনৰ ভিতৰতে বিভাগটোৱে জাৰি কৰিব অধিসূচনা । বোকাখাতৰ পানবাৰী সংহত হস্ততাঁত বস্ত্ৰশিল্প উদ্যানৰ কাম কাজ পৰিদৰ্শন কৰি মন্ত্ৰী দৈমাৰীয়ে কয় এই উদ্যানত উপলৱদ্ধ হ'ব অসমৰ বয়নশিল্পৰ সকলো সা-সামগ্ৰী আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ । ইয়াৰ জড়িয়তে কাজিৰঙা ভ্ৰমণলৈ অহা দেশী-বিদেশী পৰ্যটকক আকৰ্ষণ কৰাৰ লক্ষ্য বিভাগটোৰ । তাৰোপৰি নৈশ যাপনৰো ব্যৱস্থা থাকিব প্ৰকল্পটোত ৷ প্ৰকল্পটো ২০২৭ চনৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি জানিবলৈ দিয়ে ৷ প্ৰকল্প পৰিদৰ্শনৰ পিছতে মন্ত্ৰীগৰাকীয়ে পানবাৰীৰ কাষৰীয়া পানবাৰী গাঁৱৰ মহিলা আত্মসহায়ক গোটৰ এটি তাঁতশাল কেন্দ্ৰ পৰিদৰ্শন কৰে ৷ সেইসকল মহিলাক উন্নত মানৰ তাঁতশাল যোগান ধৰি স্বাৱলম্বী হোৱাৰ পথ বাচি দিব বুলি দানিবলৈ দিয়ে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande