
মানকাচৰ, ২৬ জুন (হি.স.)। অসম–মেঘালয় সীমান্তৰ হাটশিঙিমাৰীৰ তেতুলতলাত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত চাৰিজন।
মানকাচৰৰ অসম–মেঘালয় সীমান্তৱৰ্তী হাটশিঙিমাৰীৰ তেতুলতলাত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত ১০ বছৰীয়া স্কুলীয়া ছাত্ৰী আয়েশা ছিদ্দিকা, তেওঁৰ মাতৃ ছাকিৰা খাতুন, বাইক চালক চাকিল ইছলাম আৰু বাইকৰ পিছফালে বহি থকা মহিদুৰ আলমসহ মুঠ চাৰিজন লোক আহত হয়।
জানিব পৰা মতে, পথৰ কাষত থিয় হৈ থকা অৱস্থাত এ এছ ১৫ ডব্লিউ ৭০৯৩ নম্বৰৰ এখন তীব্ৰবেগী বাইকে আয়েশা ছিদ্দিকা আৰু তেওঁৰ মাতৃ ছাকিৰা খাতুনক খুন্দা মৰাত এই দুৰ্ঘটনা সংঘটিত হয়।
খুন্দাৰ ফলত বাইকখনো নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে, যাৰ ফলত চালক চাকিল ইছলাম আৰু আৰোহী মহিদুৰ আলমো গুৰুতৰভাৱে আহত হয়।
স্থানীয় ৰাইজৰ তৎপৰতাত আহত চাৰিওজনকে উদ্ধাৰ কৰি হাটশিঙিমাৰী জিলা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। বৰ্তমান তেওঁলোকৰ চিকিৎসা অব্যাহত
আছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু