বড়োলেণ্ড সাংবাদিক সংস্থাৰ উদ্যোগত, তামুলপুৰ প্ৰেছ ক্লাৱৰ সহযোগত তামুলপুৰত চাইকেল সমদল
তামুলপুৰ, ২৬ জুন (হি.স.)। আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে আজি তামুলপুৰ জিলা সদৰত এক অভূতপূৰ্ব জাগৰণ দেখিবলৈ পোৱা যায়। বড়োলেণ্ড সাংবাদিক সংস্থাৰ উদ্যোগত আৰু তামুলপুৰ প্ৰেছ ক্লাৱৰ সহযোগত ড্ৰাগছৰ বিৰুদ্ধে সমাজক সজাগ কৰাৰ উদ্দেশ্যে এক বিশাল চ
বড়োলেণ্ড সাংবাদিক সংস্থাৰ উদ্যোগত, তামুলপুৰ প্ৰেছ ক্লাৱৰ সহযোগত তামুলপুৰত চাইকেল সমদল


তামুলপুৰ, ২৬ জুন (হি.স.)। আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে আজি তামুলপুৰ জিলা সদৰত এক অভূতপূৰ্ব জাগৰণ দেখিবলৈ পোৱা যায়। বড়োলেণ্ড সাংবাদিক সংস্থাৰ উদ্যোগত আৰু তামুলপুৰ প্ৰেছ ক্লাৱৰ সহযোগত ড্ৰাগছৰ বিৰুদ্ধে সমাজক সজাগ কৰাৰ উদ্দেশ্যে এক বিশাল চাইকেল সমদলৰ আয়োজন কৰা হয়। আজি পুৱা ঠিক ৬:৩০ বজাত তামুলপুৰ প্ৰেছ ক্লাৱৰ প্ৰাংগণৰ পৰা আৰম্ভ হোৱা এই সজাগতামূলক সমদলটো আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰি উদ্বোধন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষী (ভজন) দাসে। সমদলটো প্ৰেছ ক্লাৱৰ পৰা ওলাই দ্বাৰকুছী হৈ পুনৰ তামুলপুৰ প্ৰেছ ক্লাৱ প্ৰাংগণলৈ আহি সফলতাৰে সামৰণি পৰে।

এই বিশেষ কাৰ্যসূচীত তামুলপুৰৰ জ্যেষ্ঠ নাগৰিক, প্ৰাক্তন সৈনিকৰ লগতে আছু, আৰছু, মহিলা ঐক্য মঞ্চ, সাহিত্য সভা, ক্ৰিকেট এচোছিয়েশ্যনকে ধৰি অঞ্চলটোৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি আৰু অলেখ উৎসাহী ৰাইজে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে। সমদলৰ এক আকৰ্ষণীয় দিশ আছিল এই যে, অংশগ্ৰহণকাৰীসকলে নিজ নিজ চাইকেলত ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হওঁক সমাজ, আমাৰ লক্ষ্য ড্ৰাগছ মুক্ত সমাজ গঢ়া, ড্ৰাগছৰ বিৰুদ্ধে সজাগ হওঁক, সচেতন হওঁক, আমি সচেতন আমি সজাগ, ড্ৰাগছ মুক্ত হ'ব আমাৰ সমাজ আৰু নতুন প্ৰজন্মৰ ভৱিষ্যত ৰক্ষা কৰাটো আমাৰ দায়িত্ব আদি বিভিন্ন সজাগতামূলক শ্লোগান সম্বলিত বেনাৰ-পোষ্টাৰ লগাই সমগ্ৰ তামুলপুৰবাসীক ড্ৰাগছৰ ভয়াবহতাৰ বিৰুদ্ধে একত্ৰিত হ’বলৈ সজোৰে আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande