বঙাইগাঁও আৰু চিৰাং জিলাৰ সিমান্তবৰ্তী কাকাৰাগাঁও কমাডোঙাত শোকাবহ দুৰ্ঘটনা , এজন নিহত
চিৰাং, ২৬ জুন (হি.স.)। বঙাইগাঁও আৰু চিৰাং জিলাৰ সিমান্তবৰ্তী কাকাৰাগাঁও কমাডোঙাত এক শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে l তীব্ৰবেগী এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই সোমাল পুখুৰীৰ দ'' পানীত l জানিব পৰা অনুসৰি এ এছ ১৯ ভি ৪৩৭৭ নম্বৰৰ এখন দ্ৰুতবেগী বাহনে নিয়ন্ত্ৰ
বঙাইগাঁও আৰু চিৰাং জিলাৰ সিমান্তবৰ্তী  কাকাৰাগাঁও কমাডোঙাত শোকাবহ দুৰ্ঘটনা , এজন নিহত


চিৰাং, ২৬ জুন (হি.স.)। বঙাইগাঁও আৰু চিৰাং জিলাৰ সিমান্তবৰ্তী কাকাৰাগাঁও কমাডোঙাত এক শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে l তীব্ৰবেগী এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই সোমাল পুখুৰীৰ দ' পানীত l

জানিব পৰা অনুসৰি এ এছ ১৯ ভি ৪৩৭৭ নম্বৰৰ এখন দ্ৰুতবেগী বাহনে নিয়ন্ত্ৰণ হেৰুৱাই কাকাৰগাঁও কমাডোঙাত থকা এটা পুখুৰিত বাগৰি পৰে। ফলত বাহনৰ ভিতৰত থকা চালকজনৰ সলিল সমাধি l পিছত স্থানীয় লোকে ঘটনাৰ খবৰ লাভ কৰি লগে লগে আৰক্ষীক খবৰ দিয়ে আৰু ঘটনাৰ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত বাসুগাঁও আৰক্ষী আৰু এছ ডি আৰ এফ ৰ দল উপস্থিত হৈ উদ্ধাৰ কৰে মৃত চালক সহ বাহনখন । আৰক্ষীয়ে চালকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande