
অচিনাক্ত বাহনত তীব্ৰবেগী বলেৰ' পিকআপৰ খুন্দা, সংকটজনক অৱস্থাত চালক-হেণ্ডিমেন
গুৱাহাটী, ২৬ জুন (হি.স.)। গুৱাহাটী মহানগৰীৰ জালুকবাৰীস্থিত পুৰণি শৰাইঘাট দলঙত বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, তীব্ৰবেগেৰে আহি থকা এএছ ০১ কিউচি ৪৫৬৯ নম্বৰৰ এখন বলেৰ' পিকআপ বাহনে দলঙৰ ওপৰত অচিনাক্ত এখন বাহনত প্ৰচণ্ড খুন্দা মাৰে।
দুৰ্ঘটনাৰ তীব্ৰতা ইমানেই অধিক আছিল যে বলেৰ' পিকআপ বাহনখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ পৰে । দুৰ্ঘটনাৰ সময়ত বাহনখনত চালক আৰু হেণ্ডিমেন উপস্থিত আছিল। খুন্দাৰ ফলত দুয়োজন লোক বাহনখনৰ ভিতৰত আৱদ্ধ হৈ পৰে আৰু বহু সময় ধৰি উদ্ধাৰৰ অপেক্ষাত থাকিবলগীয়া হয়।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে জালুকবাৰী যানবাহন আৰক্ষী, অগ্নি আৰু জৰুৰীকালীন সেৱাৰ কৰ্মী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। যথেষ্ট প্ৰচেষ্টাৰ অন্তত বাহনখন কাটি দুয়োজনক উদ্ধাৰ কৰা হয়।
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চালক আৰু হেণ্ডিমেনক অতি সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। তেওঁলোকৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।
ইফালে, দুৰ্ঘটনাৰ ফলত পুৰণি শৰাইঘাট দলঙত কিছু সময়ৰ বাবে তীব্ৰ যানজঁটৰ সৃষ্টি হয়। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি যান-বাহন চলাচল স্বাভাৱিক কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে।
দুৰ্ঘটনাটোৰ সঠিক কাৰণ জানিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু