মৰিগাঁও ডায়েটৰ উদ্যোগত ড্ৰাগছ আৰু ধঁপাত বিৰোধী বিশেষ সজাগতা অভিযান সম্পন্ন
মৰিগাঁও, ২৬ জুন (হি.স.)। যুৱ প্ৰজন্মক ড্ৰাগছ আৰু ধঁপাতৰ দৰে মাৰাত্মক নিচাজাতীয় দ্ৰৱ্যৰ গ্ৰাসৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে মৰিগাঁও জিলা শিক্ষণ আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ (DIET) উদ্যোগত যোৱা ১৭ জুনৰ পৰা অনুষ্ঠিত হোৱা সপ্তাহজোৰা ড্ৰাগছ বিৰোধী সজাগতা কাৰ্
মৰিগাঁও ডায়েটৰ উদ্যোগত ড্ৰাগছ আৰু ধঁপাত বিৰোধী বিশেষ সজাগতা অভিযান সম্পন্ন


মৰিগাঁও, ২৬ জুন (হি.স.)। যুৱ প্ৰজন্মক ড্ৰাগছ আৰু ধঁপাতৰ দৰে মাৰাত্মক নিচাজাতীয় দ্ৰৱ্যৰ গ্ৰাসৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে মৰিগাঁও জিলা শিক্ষণ আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ (DIET) উদ্যোগত যোৱা ১৭ জুনৰ পৰা অনুষ্ঠিত হোৱা সপ্তাহজোৰা ড্ৰাগছ বিৰোধী সজাগতা কাৰ্যসূচীৰ আজি সফল সামৰণি পৰে।

কাৰ্যসূচীৰ অন্তিম দিনাৰ মূল সভাত জিলা শিক্ষণ আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ (DIET) অধ্যক্ষ কিশোৰ কুমাৰ দাসে এক অৰ্থপূৰ্ণ আদৰণি ভাষণ আগবঢ়ায়। তেওঁ বিগত কেইবাদিনো ধৰি প্ৰতিষ্ঠানটোৰ শিক্ষাৰ্থী আৰু ফেকাল্টীসকলে চলাই অহা এই সজাগতা অভিযানৰ মূল উদ্দেশ্য বাখ্যা কৰে। উল্লেখ্য যে শিক্ষাৰ্থীসকলৰ মাজত সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে এই দিনকেইটাত বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। বিশেষকৈ পোষ্টাৰ তৈয়াৰ কৰা প্ৰতিযোগিতাৰ জৰিয়তে শিক্ষাৰ্থীসকলে ড্ৰাগছ আৰু ধঁপাত সেৱনৰ ভয়াৱহ পৰিণতি নিজৰ চিত্ৰশিল্পৰ মাধ্যমেৰে সুন্দৰকৈ ফুটাই তোলে।কেৱল প্ৰতিষ্ঠানৰ চৌহদৰ ভিতৰতে আৱদ্ধ নাথাকী, ডায়েটৰ শিক্ষাৰ্থী আৰু শিক্ষক কৰ্মচাৰীসকলে হাতত বিভিন্ন পোষ্টাৰ আৰু ফ্লেগ লৈ এক সজাগতা সমদল উলিয়ায়। এই সমদলৰ জৰিয়তে তেওঁলোকে সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ গৈ নিচামুক্তিৰ এক সবল বাৰ্তা প্ৰেৰণ কৰে। ইয়াৰ উপৰি জনসাধাৰণক বুজাবলৈ বাটৰ নাটৰো আশ্ৰয় লোৱা হয়।

চৰকাৰী নিয়ম অনুসৰি যিকোনো শিক্ষানুষ্ঠানৰ ৫০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ধঁপাত বা ড্ৰাগছ জাতীয় সামগ্ৰীৰ বিক্ৰী নিষিদ্ধ। এই নিয়মক সন্মান জনাই মৰিগাঁও ডায়েটৰ ফেকাল্টী আৰু শিক্ষাৰ্থীসকলে নিজে গৈ আশে-পাশে থকা ব্যৱসায়ীসকলক শিক্ষানুষ্ঠানৰ নিৰ্ধাৰিত পৰিসৰৰ ভিতৰত ধঁপাত বা চিগাৰেট আদি বিক্ৰী নকৰিবলৈ সৰল অনুৰোধ জনায়।কাৰ্যসূচীৰ অন্তিম দিনা স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু বিশেষজ্ঞসকল উপস্থিত থাকে। তেওঁলোকে সমবেত শিক্ষাৰ্থীসকলৰ আগত বিষয়টোৰ ওপৰত এক তথ্যসমৃদ্ধ বক্তব্য দাঙি ধৰে।

সংবাদ মাধ্যমৰ আগত অধ্যক্ষগৰাকীয়ে কয় যে ড্ৰাগছ আসক্তি বা এডিকশ্বনক এটা বেমাৰ হিচাপে গণ্য কৰিব লাগে। ড্ৰাগছ আসক্ত ব্যক্তিসকলক সমাজৰ পৰা আঁতৰাই নাৰাখি তেওঁলোকক চিকিৎসকৰ সহায় লৈ, সঠিক কাউঞ্চিলিং কৰি এক সুস্থ পৰিৱেশ প্ৰদান কৰিব লাগে, যাতে তেওঁলোকে পুনৰ সমাজৰ মূল সুঁতিলৈ ঘূৰি আহি এখন সুন্দৰ সমাজ গঢ়াত সহায় কৰিব পাৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande