
ওদালগুৰি, ২৬ জুন (হি.স.)। ওদালগুৰি জিলাৰ বিভিন্ন আৰক্ষী থানাত জব্দ কৰা প্ৰায় ১৪ হাজাৰ কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা আজি জিলা প্ৰশাসন আৰু আৰক্ষীৰ তত্ত্বাৱধানত ধ্বংস কৰা হয়। সোণাৰীপাৰা ইটাভাটাত অনুষ্ঠিত এই নিষ্কাশন কাৰ্যসূচীত উপস্থিত থাকে ওদালগুৰি জ্যেষ্ঠ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱা।ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে ওদালগুৰি জিলা আৰক্ষীয়ে। বিভিন্ন সময়ত জিলাখনৰ বিভিন্ন আৰক্ষী থানাই জব্দ কৰা প্ৰায় ১৪ হাজাৰ কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা আজি সোণাৰীপাৰা ইটাভাটাত আনুষ্ঠানিকভাৱে নিষ্কাশন কৰা হয়।
জানিব পৰা মতে, ধ্বংস কৰা এই বিপুল পৰিমাণৰ গাঞ্জাখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৬৬ কোটি টকা। জিলা প্ৰশাসনৰ উপস্থিতিত আইনগত সকলো প্ৰক্ৰিয়া সম্পন্ন কৰি গাঞ্জাখিনি নিষ্কাশন কৰা হয়। এই কাৰ্যসূচীত উপস্থিত থাকি ওদালগুৰি জ্যেষ্ঠ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই কয় যে, মাদক দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান আগলৈও অব্যাহত থাকিব। সমাজৰ পৰা ড্ৰাগছৰ অভিশাপ দূৰ কৰিবলৈ আৰক্ষী সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ উল্লেখ কৰে।মুঠ ১৪ হাজাৰ কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা ধ্বংস কৰাৰ এই পদক্ষেপে ড্ৰাগছমুক্ত সমাজ গঢ়াৰ দিশত ওদালগুৰি জিলা আৰক্ষীৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ