
মৰিগাঁও, ২৬ জুন (হি.স.)। মহানগৰীৰ গ্ৰীনউড ৰিজ’ৰ্টৰ পৰা পশ্চিম গাৰোপাহাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তেজপুৰৰ ঋতুৰাজ কৌণ্ডিল্য, গুৱাহাটীৰ দীপ হাজৰিকা ,বঙাইগাঁৱৰ কুকিল দত্ত,গোলাঘাটৰ মৃদুপৱন গগৈ, গুৱাহাটী পাথৰকুৱৰীৰ নৰেন্দ্ৰ সিং, হাৰিয়ানাৰ তাপস মুখাৰ্জীক৷ এই প্ৰৱঞ্চকৰ দলটোৱে বহিঃৰাজ্যৰ প্ৰতিষ্ঠানক ভূৱা ৱৰ্ক অৰ্ডাৰ দি কমিচন সংগ্ৰহ কৰি আহিছিল৷
মেঘালয় আৰক্ষীয়ে গাৰোপাহাৰ স্বায়ত্ত্বশাসিত পৰিষদৰ নামত ভূৱা অৰ্ডাৰ দিয়াৰ বাবে গ্ৰেপ্তাৰ কৰে দলটোক৷ এই প্ৰৱঞ্চকৰ দলটোৱে দীৰ্ঘদিনৰ পৰা তিৱা স্বায়ত্ত্বশাসিত পৰিষদ,গাৰোপাহাৰ স্বায়ত্ত্ব শাসিত পৰিষদৰ লগতে অসমৰ কেইবাখনো স্বায়ত্ত্ব শাসিত পৰিষদৰ নামত হাৰিয়ানা,পশ্চিম বংগ,মহাৰাষ্ট্ৰ,গুজৰাট,উত্তৰ প্ৰদেশ আদিৰ প্ৰতিষ্ঠানক ভূৱা অৰ্ডাৰ দি কমিচন সংগ্ৰহৰ অভিযোগ আছে৷ এই দুষ্টচক্ৰৰ স’তে তিৱা কাউন্সিলৰ একাংশ নেতা,কৰ্মচাৰী জড়িত থকাৰো অভিযোগ উত্থাপন হৈছে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ