
নলবাৰী, ২৫ জুন (হি.স.)। নলবাৰীৰ বালিতাৰাত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা । একেদাল ৰচিৰে চিপ ললে প্ৰেমিক যুগলে । বালিতাৰাৰ পথাৰৰ ফালে থকা এক জংঘলৰ এডাল গছত চিপ লয় প্ৰেমিক যুগলে। প্ৰেমিক উজ্বল কলিতা আৰু প্ৰমিকা নিশা কলিতা কলিতাই ল'লে এই চৰম সিদ্ধান্ত ।
জানিব পৰামতে, উজ্বল কলিতাৰ ঘৰ বালিতাৰা গাঁৱত আৰু নিশা কলিতাৰ ঘৰ নলবাৰী জিলাৰ ৰঙাফালি গাঁৱত । নিশা কলিতা দশম শ্ৰেণীৰ ছাত্ৰী বুলি জানিব পৰা গৈছে। নিশা বাৰ বজাৰ পিছত প্ৰেমিক যুগল সন্ধানহীন হৈ আছিল । আজি পুৱা পথাৰত গৰু এৰাল দিবলৈ আহি প্ৰেমিক যুগলক চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হয় । এই ঘটনাই অঞ্চলটোত চাঞ্চল্য়ৰ সৃষ্টি কৰিছে।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু