
নগাঁও, ২৫ জুন (হি.স.)। চামগুৰিৰ কুৰুৱাবাহী গাঁৱত নিশা বন্যহস্তীৰ উপদ্ৰৱ। নিশা বন্যহস্তীয়ে ভাঙি তহিলং কৰিলে যোগেশ বৰুৱা নামৰ ব্যক্তি গৰাকীৰ ধানৰ ভঁৰাল।
অনিষ্ট কৰিলে ভঁৰাল ঘৰটোত থকা প্ৰায় ৫০-৬০মোন ধান সহ বহু সা-সামগ্ৰী। বিগত কেইবাদিন ধৰি নিশা হ'লেই তিনিটাকৈ বন্যহস্তীয়ে চামগুৰিৰ বিভিন্ন অঞ্চলত চলাই আহিছে উপদ্ৰৱ, ভাঙিছে বহু কেইটা বাসগৃহ।
বন্যহস্তী কেইটা খেদি পঠোৱাত ব্যৰ্থ হৈছে বনবিভাগ। বনবিভাগ সময়তকৈ বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ অভিযোগ ৰাইজৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা