
কলকাতা, ২৫ জুন (হি.স.)। পশ্চিম বংগৰ কলকাতাৰ তৰাটালাত নিৰ্মাণৰত এটা গুদাম ভাঙি মৃত্যু হোৱা লোকৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পাইছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে বৃহস্পতিবাৰে কয় যে এই ধ্বংসাৱশেষৰ পৰা এতিয়ালৈকে ২৯ জন লোকক উদ্ধাৰ কৰা হৈছে। ইয়াৰে ৯ জনৰ মৃত্যু হোৱাৰ বিপৰীতে ২০ গৰাকী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
বৃহস্পতিবাৰে বিধানসভাত সংঘটিত ঘটনাৰ সম্পূৰ্ণ বিৱৰণ দি মুখ্যমন্ত্ৰীয়ে কয় যে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিজন ব্যক্তিৰ পৰিয়াললৈ ১০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। আহতসকলে ১ লাখ টকাকৈ লাভ কৰিব। তেওঁ কয় যে ৰাজ্য চৰকাৰে নিহতসকলৰ পৰিয়ালৰ সৈতে থিয় দি তেওঁলোকৰ আশু আৰোগ্য কামনা কৰিছে।
মুখ্যমন্ত্ৰী শুভেন্দুৰ মতে চিকিৎসাধীন ২০ জন লোকৰ ভিতৰত ১৫ জনৰ অৱস্থা সুস্থিৰ। চাৰিজন গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে এজনৰ অৱস্থা সংকটজনক হৈ আছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু সেনাৰ জোৱানসকলে অহৰহ সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। উদ্ধাৰকাৰী দলে আশংকা প্ৰকাশ কৰিছে যে এতিয়াও আৰু অধিক লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থাকিব পাৰে।
মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে দুৰ্ঘটনা সন্দৰ্ভত তথ্য আহতসকলৰ পৰা লাভ কৰা হৈছে যিসকলে কথা ক’ব পৰা অৱস্থাত আছিল। তেওঁ উল্লেখ কৰে যে কোনো আৰ্থিক সাহায্যই মৃতকৰ জীৱনৰ ক্ষতিপূৰণ দিব নোৱাৰে, কিন্তু চৰকাৰে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সম্ভৱপৰ সকলো সহায় আগবঢ়াব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে। তেওঁ মৃত শ্ৰমিকৰ পৰিয়াললৈ ২ লাখ ₹ আৰু আহতসকলৰ বাবে ৫০ হাজাৰ ₹ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰে।
বিধানসভাত শুভেন্দু অধিকাৰীয়ে এই দুৰ্ঘটনাক লৈ পূৰ্বৰ চৰকাৰৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়। তেওঁ অভিযোগ কৰে যে কথিত অনিয়ম আৰু দুৰ্নীতিয়ে কলকাতা অসুৰক্ষিত কৰি তুলিছে। গাৰ্ডেনৰিচ দুৰ্ঘটনাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সেই সময়ত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু সেনাবাহিনীক মাতি অনা নাছিল, আৰু গধুৰ লোহাৰ ৰশ্মি কাটিবলৈ পৰ্যাপ্ত আধুনিক যন্ত্ৰপাতি উপলব্ধ নাছিল।
মুখ্যমন্ত্ৰী শুভেন্দুৱে দাবী কৰে যে তাৰাটলা গুদাম নিৰ্মাণৰ সৈতে জড়িত নথি-পত্ৰত প্ৰাক্তন পৌৰসভাৰ মেয়ৰ ফিৰহাদ হাকিমৰ স্বাক্ষৰ থাকে। তেওঁ উল্লেখ কৰে যে দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই ক্ষেত্ৰত কাকো ৰেহাই দিয়া নহ’ব।
মুখ্যমন্ত্রীয়ে কালিৰ নামো উল্লেখ কৰে, যাক তেওঁ পৌৰ নিগমৰ প্রাক্তন মেয়ৰৰ ব্যক্তিগত সহায়ক বুলি অভিহিত কৰে ৷ পৌৰ নিগমৰ বিল্ডিং প্লেন অনুমোদনৰ ক্ষেত্ৰত কালিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰীয়ে। এই সন্দৰ্ভত এফআইআৰ ৰুজু কৰা হৈছে আৰু তদন্ত অব্যাহত আছে বুলিও তেওঁ কয়।
বুধবাৰে বিয়লি সংঘটিত হয় এই দুৰ্ঘটনা। নির্মাণীয় গুদামৰ চাল ভাঙি বহুকেইজন শ্রমিক আৱদ্ধ হৈ পৰিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া