তেজপুৰত শিশু ধৰ্ষণ আৰু হত্যাৰ অপচেষ্টাৰ পৃথক গোচৰৰ ৰায়দানঃঢেকিয়াজুলি আৰু জামুগুৰিৰ দুই অভিযুক্তক দোষী সাব্যস্তৰে কাৰাদণ্ড
শোণিতপুৰ, ২৫ জুন (হি.স.)। তেজপুৰত আজি আদালতে দুটা পৃথক গোচৰৰ ৰায়দান কৰি দুই অভিযুক্তক দোষী সাব্যস্ত কৰাৰ লগতে কাৰাদণ্ডেৰে দণ্ডিত কৰে৷ ইয়াৰে ভিতৰত শিশু ধৰ্ষণকাৰী যোচেফ বাৰ্লাক পক্স’ আদালতে ২৫ বছৰৰ কাৰাদণ্ড বিহে৷ আনহাতে আনটো হত্যাৰ অপচেষ্টাৰ গোচৰত
তেজপুৰত শিশু ধৰ্ষণ আৰু হত্যাৰ অপচেষ্টাৰ পৃথক গোচৰৰ ৰায়দানঃঢেকিয়াজুলি আৰু জামুগুৰিৰ দুই অভিযুক্তক দোষী সাব্যস্তৰে কাৰাদণ্ড


শোণিতপুৰ, ২৫ জুন (হি.স.)। তেজপুৰত আজি আদালতে দুটা পৃথক গোচৰৰ ৰায়দান কৰি দুই অভিযুক্তক দোষী সাব্যস্ত কৰাৰ লগতে কাৰাদণ্ডেৰে দণ্ডিত কৰে৷ ইয়াৰে ভিতৰত শিশু ধৰ্ষণকাৰী যোচেফ বাৰ্লাক পক্স’ আদালতে ২৫ বছৰৰ কাৰাদণ্ড বিহে৷ আনহাতে আনটো হত্যাৰ অপচেষ্টাৰ গোচৰত অভিযুক্ত বাবুন ৰয়ক দোষী সাব্যস্ত কৰি জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে এবছৰ আৰু দহ বছৰ কাৰাদণ্ডৰ ৰায়দান প্ৰদান কৰে৷

উল্লেখযোগ্য যে,শিশু ধৰ্ষণৰ গোচৰত যোচেফ বাৰ্লাক পক্স’ আদালতৰ ন্যায়াধীশ কংকিৰাণী ডেকাই দোষী সাব্যস্ত কৰি ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ১০ হেজাৰ টকাৰ জৰিমণা বিহাৰ উপৰি জৰিমনা অনাদায়ে অতিৰিক্ত চাৰি মাহৰ কাৰাদণ্ডৰ ৰায়দান প্ৰদান কৰে৷ উল্লেখযোগ্য যে,

ঢেকিয়াজুলিৰ ধীৰাই চাহ বাগিছাত ২০২৪ ৰ ৩০ ছেপ্টেম্বৰত সংঘটিত হৈছিল এক জঘন্য শিশু ধৰ্ষণৰ ঘটনা৷ সেইদিনা ৩৭ বছৰীয়া যোচেফ বাৰ্লাই ধৰ্ষণ কৰিছিল ১১ মহীয়া এটি অবুজ কন্যা শিশুক৷

পিছত ভুক্তভোগী শিশুটিৰ মাতৃয়ে তৰা গোচৰৰ ভিত্তিত ঢেকিয়াজুলি আৰক্ষীয়ে ১৯৫/২০২৪ নম্বৰৰ গোচৰমৰ্মে বাৰ্লাক গ্ৰেপ্তাৰ কৰে আৰু আদালতে তেতিয়া অভিযুক্তক ন্যায়িক জিন্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে৷ উল্লেখযোগ্য যে, তেজপুৰ পক্স’ আদালত চলি থকা উক্ত গোচৰৰ সাক্ষ্যগ্ৰহণ আৰু যাৱতীয় তদন্তৰ অন্তত আজি ন্যায়াধীশ কংকিৰাণী ডেকাই পক্স’ আইনৰ ছয় নম্বৰ ধাৰা আৰু ভাৰতীয় ন্যায় সংহিতা আইনৰ ৬৫(২) ধাৰাৰ অধীনত ৰায়দান প্ৰদান কৰে৷ লগতে ক্ষতিপূৰণস্বৰুপে জিলা আইন সেৱা প্ৰাধিকৰণক ভুক্তভোগী শিশুটিৰ পৰিয়ালক পাঁচ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশ দিয়ে৷ইপিনে জামুগুৰি থানাত পঞ্জীভুক্ত ১৭৭/২০২৪ গোচৰৰ অধীনত তেজপুৰ আদালতত অব্যাহত থকা চেছন কেচ ৮৯/২০২৫ নম্বৰ গোচৰটোৰো আজি ৰায়দান প্ৰদান কৰে শোণিতপুৰ জিলা ও সত্ৰ ন্যায়াধীশ কৌশিক হাজৰিকাই৷

উল্লেখযোগ্য যে, ২০২৪ ৰ ২৩ ডিচেম্বৰত অভিযুক্ত বাবুল ৰয়ে সঞ্জয় দে নামৰ লোকজনৰ ভ্ৰাতৃ সুশীল দেক চোকা অস্ত্ৰৰে প্ৰাণনাশৰ চেষ্টা চলাইছিল৷ অভিযুক্তৰ হাতত ধৰাশায়ী সুশীলৰ জ্যেষ্ঠ ভাতৃ সঞ্জয় দেই পিছত জামুগুৰি থানাত গোচৰ তৰিছিল বাবুল ৰয়ৰ বিৰুদ্ধে৷ আজি সেই গোচৰৰ বিপৰীতে জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে ভাৰতীয় ন্যায় সংহিতা আইনৰ ১১৮(১) ধাৰাৰ অধীনত অভিযুক্ত বাবুলক দোষী সাব্যস্ত কৰি এবছৰৰ কাৰাদণ্ডৰ লগতে পাঁচ হেজাৰ টকাৰ জৰিমনা আদায়ৰ ৰায়দান কৰে৷ জৰিমনা অনাদায়ে তিনি মাহৰ অতিৰিক্ত কাৰাদণ্ড আৰু ভাৰতীয় ন্যায় সংহিতাৰ ১০৯(১) ধাৰা অনুসৰি ১০ বছৰৰ কাৰাদণ্ডৰ লগতে ২০ হেজাৰ টকাৰ জৰিমনা তথা জৰিমনা অনাদায়ে অতিৰিক্ত ছমাহৰ কাৰাদণ্ডৰ ৰায়দান প্ৰদান কৰে৷এই দুয়োটা ৰাইদান অনুসৰি দোষী সাব্যস্ত হোৱা বাবুল ৰায়ে ১১বছৰ কাৰাদণ্ড ভোগ কৰিব লাগিব৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande