
কাৰাকাছ, ২৫ জুন (হি.স.)। ভেনিজুৱেলাত বুধবাৰে গভীৰ নিশা দুটা শক্তিশালী ভূমিকম্পই ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰে। বৃহস্পতিবাৰে ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে কয় যে প্ৰাথমিক তথ্য অনুসৰি এতিয়ালৈকে ৩২ জন লোকৰ মৃত্যু হৈছে আৰু ৭০০ৰো অধিক লোক আহত হৈছে। অৱশ্যে বিষয়াসকলে কয় যে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পৰা সম্পূৰ্ণ তথ্য এতিয়াও বাকী আছে, গতিকে মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ভূমিকম্পৰ পিছতে দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে, আৰু উদ্ধাৰ অভিযান অব্যাহত আছে।
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে যে ভাৰতে ভেনিজুৱেলাক সম্ভৱপৰ সকলো সাহায্য প্ৰদান কৰিবলৈ সাজু। চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ গুও জিয়াকুনে বৃহস্পতিবাৰে কয় যে চীনে ভেনিজুৱেলাক প্ৰয়োজনৰ সময়ত সহায় কৰিবলৈ যি পাৰে কৰিব।
চীনৰ চৰকাৰী সংবাদ সংস্থা ছিনহুয়া আৰু অন্যান্য সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ (ইউএছজিএছ)-এ প্ৰকাশ কৰা অনুসৰি প্ৰথমটো ভূমিকম্প, বুধবাৰে সন্ধিয়া প্ৰায় ৬:৩০ (ভাৰতীয় মানক সময় অনুসৰি বৃহস্পতিবাৰে পুৱা প্ৰায় ৪:০০ বজাত), ইয়াৰ মাত্ৰা আছিল ৭.১। মাত্ৰ এমিনিটৰ পিছত ৭.৫ মাত্ৰাৰ দ্বিতীয়টো, অধিক শক্তিশালী কঁপনি অনুভৱ কৰা হ’ল। ৰাজধানী কাৰাকাছৰ পৰা প্ৰায় ১৬০ কিলোমিটাৰ পশ্চিমে উপকূলীয় চহৰ ম’ৰনৰ ওচৰত দুয়োটা ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল। ভূমিকম্পৰ গভীৰতা মাত্ৰ ১০ কিলোমিটাৰ আছিল, যাৰ ফলত ইয়াৰ প্ৰভাৱ অত্যন্ত বিধ্বংসী হৈ পৰে।
আটাইতকৈ ভয়াৱহ ক্ষতিসাধন হৈছে উত্তৰ ভেনিজুৱেলাৰ উপকূলীয় ৰাজ্য লা গুইৰাত, যাক চৰকাৰে “দুৰ্যোগ অঞ্চল” বুলি ঘোষণা কৰিছে। কেইবা ডজন অট্টালিকা ভাঙি যায়, আৰু বহু অঞ্চলত যোগাযোগৰ বিঘিনি ঘটিছে উদ্ধাৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি কৰিছে।
ৰাজধানী কাৰাকাছ আৰু ইয়াৰ আশে-পাশে কেইবাটাও বহুমহলীয়া অট্টালিকা ভাঙি পৰে। ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উদ্ধাৰ কৰ্মীয়ে। স্থানীয় বাসিন্দাসকলে সেই স্থানৰ পৰিস্থিতিক “হৰৰ চিনেমাৰ দৰে” বুলি অভিহিত কৰিছে।
ইউ এছ জি এছৰ প্ৰাৰম্ভিক মূল্যায়ন অনুসৰি মৃত্যুৰ সংখ্যা হাজাৰ হাজাৰ হ’ব পাৰে। ইফালে, বিৰোধী সমৰ্থিত এটা ৱেবছাইটত ৬,৬০০ৰো অধিক লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে।
সমগ্ৰ দেশত চৰকাৰে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে। পৰৱৰ্তী জাননী নিদিয়ালৈকে সকলো বিদ্যালয় আৰু অপ্ৰয়োজনীয় কাম-কাজ বন্ধ কৰি দিয়া হৈছে। বহু বিদ্যালয়ক সাহায্য সংগ্ৰহ কেন্দ্ৰ আৰু অস্থায়ী আশ্ৰয় শিবিৰলৈ ৰূপান্তৰিত কৰা হৈছে। কাৰাকাছ মেট্ৰ’ আৰু কিছুমান ৰে’ল সেৱাও নিৰাপত্তাজনিত কাৰণত সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে।
আন্তঃৰাষ্ট্ৰীয় সাহায্য আহিবলৈ আৰম্ভ কৰিছে। কাটাৰে উদ্ধাৰকাৰী দল প্ৰেৰণ কৰাৰ বিপৰীতে মেক্সিকো আৰু এল ছালভাডৰৰ পৰাও সাহায্য কৰ্মী আহি পোৱাৰ সম্ভাৱনা আছে। ইকুৱেডৰৰ ৰাষ্ট্ৰপতি ডেনিয়েল নোব’য়াই মানৱীয় সাহায্য প্ৰেৰণৰ নিৰ্দেশ দিছে। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে ভেনিজুৱেলাক সম্ভৱপৰ সকলো সাহায্য প্ৰদান কৰিবলৈ সাজু।
চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ গুও জিয়াকুনে বৃহস্পতিবাৰে কয় যে চীনে আৰ্তজনৰ ভেনিজুৱেলাক সহায় কৰিবলৈ যি কৰিব পাৰে সেয়া কৰিব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়া পোষ্টযোগে কয় যে আমেৰিকাই এই দুৰ্যোগত সহায় কৰিবলৈ সাজু আৰু সক্ষম। ভেনিজুৱেলাৰ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ মিছনে ছ’চিয়েল মিডিয়াত স্থানীয় নিষেধাজ্ঞা উঠাই ল’বলৈ চৰকাৰক আহ্বান জনাইছে আৰু ইয়াক “জীৱন আৰু মৃত্যুৰ বিষয়” বুলি অভিহিত কৰিছে। ইতিমধ্যে কিছুমান অঞ্চলত ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ পুনৰ ঘূৰাই অনা হৈছিল।
ইফালে, ভেনিজুৱেলাৰ শিক্ষা মন্ত্ৰালয়ে কেইবাখনো বিদ্যালয়ক সাহায্য সংগ্ৰহ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা হ’ব বুলি উল্লেখ কৰিছে আৰু ৰাজ্যিক টেলিভিছনত প্ৰকাশ পাইছে যে অন্যান্য শিক্ষানুষ্ঠানসমূহ আক্ৰান্ত লোকসকলৰ বাবে অস্থায়ী আশ্ৰয়স্থল হিচাপে ব্যৱহাৰ কৰা হ’ব। জনসাধাৰণৰ সুৰক্ষাৰ বাবে কাৰাকাছ মেট্ৰ’ আৰু কাৰাকাছৰ পৰা মিৰাণ্ডা ৰাজ্যৰ সৈতে সংযোগ কৰা ৰে’লপথৰ সেৱাও সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছিল।
এই সপ্তাহৰ বাকী সময়ছোৱাত সকলো অপ্ৰয়োজনীয় কামো বন্ধ কৰি দিয়া হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া