জটিল বৃক্কৰ ৰোগত আক্ৰান্ত ৰঙিয়াৰ কণমানি হিমাশ্ৰী দেৱীক বিশ্ব হিন্দু পৰিষদৰ আৰ্থিক সাহায্য় প্ৰদান
কামৰূপ, ১৬ জুন (হি.স.)। জটিল বৃক্কৰ ৰোগত আক্ৰান্ত ৰঙিয়াৰ কণমানি হিমাশ্ৰী দেৱীৰ দুৰ্দশাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশিত হোৱাৰ পিছত বিভিন্ন দল-সংগঠন আৰু সহৃদয় লোক সহায়ৰ বাবে আগবাঢ়ি আহিছে । কিছুদিন পূৰ্বে ৰঙিয়া পৌৰসভাই আৰ্থিক সহায় আগবঢ়োৱাৰ পিছত
জটিল বৃক্কৰ ৰোগত আক্ৰান্ত ৰঙিয়াৰ কণমানি হিমাশ্ৰী দেৱীক বিশ্ব হিন্দু পৰিষদৰ আৰ্থিক সাহায্য় প্ৰদান


কামৰূপ, ১৬ জুন (হি.স.)। জটিল বৃক্কৰ ৰোগত আক্ৰান্ত ৰঙিয়াৰ কণমানি হিমাশ্ৰী দেৱীৰ দুৰ্দশাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশিত হোৱাৰ পিছত বিভিন্ন দল-সংগঠন আৰু সহৃদয় লোক সহায়ৰ বাবে আগবাঢ়ি আহিছে ।

কিছুদিন পূৰ্বে ৰঙিয়া পৌৰসভাই আৰ্থিক সহায় আগবঢ়োৱাৰ পিছত এইবাৰ বিশ্ব হিন্দু পৰিষদেও সহায়ৰ হাত বড়াইছে ।

বিশ্ব হিন্দু পৰিষদৰ জিলা সভাপতি শৈলজানন্দ ভট্টাচাৰ্যৰ নেতৃত্বত এটি সঁজাতি দলে হিমাশ্ৰীৰ বাসগৃহত উপস্থিত হৈ আৰ্থিক সহায় প্ৰদান কৰে ।

সংগঠনটোৱে ভৱিষ্যতেৱো হিমাশ্ৰীৰ উন্নত চিকিৎসাৰ বাবে সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে ।

হিমাশ্ৰী দেৱী পঞ্চম শ্ৰেণীৰ ছাত্ৰী আৰু ধনৰ অভাৱত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে ।

স্বামীহাৰা মাতৃ জোনালী দেৱীয়ে একমাত্ৰ কন্যাৰ চিকিৎসাৰ বাবে চৰকাৰ আৰু ৰাইজৰ সহায় কামনা কৰিছে ।

উন্নত চিকিৎসাৰ বাবে বৃহৎ পৰিমাণৰ ধনৰ প্ৰয়োজন, চিকিৎসাৰ ব্যয় বহন কৰি পৰিয়ালটো সৰ্বস্বান্ত হৈ পৰিছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande