
গুৱাহাটী, ২৫জুন(হি.স.)। প্ৰত্য়েক বছৰ জুন মাহৰ ২২ তাৰিখৰ পৰা নীলাচলৰ বুকুত অম্বুবাচী মেলাৰ আয়োজন কৰা হয় । দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ ভক্ত নীলাচল পাহাৰৰ বুকুত কামাখ্য়া মন্দিৰ চৌহদত ভীৰ কৰেহি। কামৰূপ মহানগৰ জিলা প্ৰশাসনে ইয়াৰ বাবে বৃহৎ আয়োজন কৰিছে ।
অম্বুবাচী মেলা সুকলমে অনুষ্ঠিত কৰাৰ অৰ্থে নিৰাপত্তাৰ দিশ, অনাময় ,যানবাহন আদি বিষয় চোৱাচিতা কৰাৰ বাবে বিভিন্ন বিষয়াক দায়িত্ব অৰ্পন কৰিছে । অম্বুবাচী মেলাৰ সময়ত কৰ্তবত গাফিলতি কৰাৰ অভিযোগত তিনি বিষয়াক আজি নিলম্বন কৰা হৈছে । মন্ত্ৰী কৌশিক ৰায়ৰ নিৰ্দেশত তিনি বিষয়াক নিলম্বন কৰা হৈছে । মন্ত্ৰীৰ চাডেন ভিজিতৰ সময়ত কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগ উত্থাপিত হৈছিল।
নিলম্বিত বিষয়া তিনি জনক আব্দুল হুচেইন, শিৱাশীষ বৰুৱা আৰু প্ৰদীপ শৰ্মা বুলি চিনাক্ত কৰা হৈছে ।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ