জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন আৰু স্মৃতিচাৰণ সভা
কামৰূপ, ২৫ জুন (হি.স.)। ৰঙিয়াৰ বটাকুছিত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন আৰু স্মৃতিচাৰণ সভা। জামিন বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে যদিও অসমৰ তিনিকোটি জনতাই প্ৰাৰ্থনা কৰিছে, কোনো শক্তিয়ে জুবিনৰ ন্যায়ক ৰখাব নোৱাৰে। আমাৰ স্বাভিমান আমাৰ আদৰৰ
জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন আৰু স্মৃতিচাৰণ সভা


কামৰূপ, ২৫ জুন (হি.স.)। ৰঙিয়াৰ বটাকুছিত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন আৰু স্মৃতিচাৰণ সভা। জামিন বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে যদিও অসমৰ তিনিকোটি জনতাই প্ৰাৰ্থনা কৰিছে, কোনো শক্তিয়ে জুবিনৰ ন্যায়ক ৰখাব নোৱাৰে। আমাৰ স্বাভিমান আমাৰ আদৰৰ জুবিন গাৰ্গক আমিয়েই বজাই ৰাখিব লাগিব।

জুবিনৰ সত্বাক জীয়াই ৰখাৰ কাম কৰিব এই প্ৰতিমূৰ্তিয়ে। ৩৩ বছৰ জীয়াই থাকি জুবিনে যিমান কৰিলে এজন মানুহে ১০০ বছৰ জীয়াই থাকিও কৰিব নোৱাৰে। ৰঙিয়া বাসীৰ মৰম দেখি অভিভূত হৈ আবেগিক ভাষণ গৰীমা শইকীয়া গাৰ্গৰ।

আনহাতে হাজাৰ হাজাৰ জুবিন প্ৰেমিক উদ্দেশ্যে সতীৰ্থ পাৰ্থপ্ৰতিম বৰাই উদাত্ত ভাষণেৰে কয় যে এটা অসমীয়া চক্ৰই দুৰ্ভাগ্যজনকভাৱে জুবিন হত্যাকাৰীক বচাবলৈ অহৰহ প্ৰচেষ্টা চলাই আছে,কিন্তু এটা কথা মনত ৰখা ভাল সেইফালৰ পৰা যদি এদাল তীৰ আহে, জুবিন প্ৰেমী সকলৰ পৰা হাজাৰ দাল তীৰ আহিব। ভগৱানে ন্যায় বিচাৰ কৰিবই।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande