শোণিতপুত অনুষ্ঠিত হ’বলগীয়া বিশেষ অসম শিক্ষক যোগ্যতা পৰীক্ষা (TET), ২০২৬ক লৈ প্ৰশাসনৰ তৎপৰতা
Assam, 25 জুন অহা ২৮ জুন, ২০২৬ তাৰিখে শোণিতপুৰ জিলাৰ অন্তৰ্গত পিএম শ্ৰী তেজপুৰ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুটা ভাগত অনুষ্ঠিত হ’বলগীয়াবিশেষ অসম শিক্ষক যোগ্যতা পৰীক্ষা (TET), ২০২৬ৰ শোণিতপুৰ, ২৫ জুন (হি.স.)। শোণিতপুৰ জিলাৰ অন্তৰ্গত পিএম
শোণিতপুত অনুষ্ঠিত হ’বলগীয়া বিশেষ অসম শিক্ষক যোগ্যতা পৰীক্ষা (TET), ২০২৬ক লৈ প্ৰশাসনৰ তৎপৰতা


Assam, 25 জুন

অহা ২৮ জুন, ২০২৬ তাৰিখে শোণিতপুৰ জিলাৰ অন্তৰ্গত পিএম শ্ৰী তেজপুৰ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুটা ভাগত অনুষ্ঠিত হ’বলগীয়াবিশেষ অসম শিক্ষক যোগ্যতা পৰীক্ষা (TET), ২০২৬ৰ

শোণিতপুৰ, ২৫ জুন (হি.স.)। শোণিতপুৰ জিলাৰ অন্তৰ্গত পিএম শ্ৰী তেজপুৰ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুটা ভাগত অহা ২৮ জুন, ২০২৬ তাৰিখে অনুষ্ঠিত হ’ব বিশেষ অসম শিক্ষক যোগ্যতা পৰীক্ষা (TET), ২০২৬ পৰীক্ষা। এই পৰীক্ষা স্বচ্ছ, নিকা আৰু সুচাৰুৰূপে পৰিচালনা আৰু পৰীক্ষাৰ গোপনীয়তা বজাই ৰখা নিশ্চিত কৰাৰ উদ্দেশ্যে শোণিতপুৰ জিলাৰ জিলা দণ্ডাধীশ শ্ৰী আনন্দ কুমাৰ দাস, এচিএছে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS), ২০২৩ৰ ধাৰা ১৬৩ৰ অধীনত এক নিষেধাজ্ঞামূলক আদেশ জাৰি কৰিছে ।

আনহাতে, পৰীক্ষা-সম্পৰ্কীয় গোপনীয়তা সুনিশ্চিত কৰাৰ লগতে পৰীক্ষাৰ শান্তিপূৰ্ণ পৰিচালনাত বাধা ঘটাব পৰা যিকোনো ধৰণৰ অকৰ্তৃত্বশীল কাৰ্যকলাপ প্ৰতিহত কৰাৰ উদ্দেশ্যে এই আদেশ জাৰি কৰা হৈছে।

এই আদেশ অনুসৰি পৰীক্ষাৰ দিনা পিএম শ্ৰী তেজপুৰ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অকৰ্তৃত্বশীল ব্যক্তিৰ সমাৱেশ বা ভিৰ কৰা; অকৰ্তৃত্বশীল ভাৱে প্ৰৱেশ কৰা, ফটোগ্ৰাফী, ভিডিঅ’গ্ৰাফী, যোগাযোগ স্থাপন কৰা, অসৎ উপায় অৱলম্বন কৰাত সহায়ক হ’ব পৰা যিকোনো কাৰ্যকলাপ বা পৰীক্ষা প্ৰক্ৰিয়াত ব্যাঘাত সৃষ্টি কৰাৰ উদ্দেশ্যে কৰা কাৰ্যকলাপ; অনুভাষযন্ত্ৰ, ৰাজহুৱা সম্বোধন ব্যৱস্থা বা পৰীক্ষা কেন্দ্ৰৰ ওচৰত উচ্চ শব্দ আৰু অশান্তিৰ সৃষ্টি কৰা যিকোনো কাৰ্যকলাপ; পৰীক্ষাৰ নিৰাপত্তা আৰু সুশৃংখল পৰিচালনা ব্যৱস্থাৰ ক্ষেত্ৰত বাধা, হস্তক্ষেপ বা আপোচ ঘটাব পৰা যিকোনো কাৰ্য নিষিদ্ধ কৰা হৈছে।

উল্লেখযোগ্য যে, বৈধ প্ৰবেশ পত্ৰধাৰী পৰীক্ষাৰ্থী, পৰীক্ষা পৰিচালনাৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰী, কাৰ্যবাহী দণ্ডাধীশ, আৰক্ষী কৰ্মচাৰী আৰু পৰীক্ষা-সম্পৰ্কীয় দায়িত্বত নিয়োজিত অন্যান্য চৰকাৰী বিষয়াৰ ক্ষেত্ৰত এই আদেশ প্ৰযোজ্য নহ’ব ।

এই আদেশ উলংঘা কৰিলে ভাৰতীয় ন্যায় সংহিতা (BNS), ২০২৩ৰ ধাৰা ২২৩ আৰু আইনৰ অন্যান্য প্ৰাসংগিক বিধান অনুসৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

এই নিষেধাজ্ঞা তাৎক্ষণিকভাৱে বলবৎ কৰা হৈছে আৰু বিশেষ অসম শিক্ষক যোগ্যতা পৰীক্ষা (TET) ২০২৬ ৰ দুয়োটা ভাগ সম্পূৰ্ণ নোহোৱালৈকে বলবৎ থাকিব ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande