
শোণিতপুৰ, ২৫ জুন (হি.স.)। তেজপুৰ চহৰৰ ডালিম বৰা পথ তথা নতুন আমোলা পট্ৰি নিবাসী, তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়ত্ৰী, বৃহত্তৰ তেজপুৰ অৱসৰপ্ৰাপ্ত শিক্ষক ঐক্যমঞ্চৰ প্ৰতিষ্ঠাপক সভানেত্ৰী গিৰীবালা ভূঞাৰ আজি বৃহস্পতিবাৰে পৰলোকপ্ৰাপ্তি ঘটে।
অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, সৰবৰহী সমাজকৰ্মী গিৰীবালা ভূঞাৰ আজি পুৱা তেজপুৰ টাইমছ হাস্পতালত পৰলোকপ্ৰাপ্তি ঘটে। তেখেতৰ মৃত্য়ুত
বিভিন্ন ব্যক্তি -অনুষ্ঠানে শোক প্ৰকাশ কৰিছে।
উল্লেখ্য নতুন আমোলা পট্ৰিৰ প্ৰয়াত কনিষ্ঠ অভিযন্তা চন্দ্ৰশেখৰ ভূঞাৰ সহধৰ্মিনী গিৰীবালা ভূঞা জামুগুৰিহাটৰ পৰা বিবাহ সূত্ৰে তেজপুৰৰ বোৱাৰী হোৱাৰ পূৰ্বেই শিক্ষকতা বৃত্তিত জড়িত হৈ থকাত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়লৈ বদলি হৈ আহি এগৰাকী কৃতী শিক্ষয়ত্ৰী হিচাপে সুদীৰ্ঘ সময় শিক্ষকতা কৰি ১৯৮৭ চনত অৱসৰ গ্ৰহণ কৰে ।
এগৰাকী সৰবৰহী সমাজকৰ্মী হিচাপে পৰিগণিত হোৱা প্ৰয়াত ভূঞা স্হানীয় শ্ৰী শ্ৰী মাধৱ মন্দিৰ সমিতিৰ একেৰাহে ২৬ বছৰ সম্পাদিকাৰ দায়িত্বত থাকি মন্দিৰ ভাগৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰাৰ লগতে মন্দিৰৰ ভাদমহীয়া নামৰ এগৰাকী দক্ষ নামতিও আছিল । মন্দিৰত অনুষ্ঠিত যিকোনো কাৰ্যসূচীৰ সফল ৰূপায়নত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা প্ৰয়াত ভূঞা বিগত দুটা বছৰৰ আগলৈকে মাধৱ মন্দিৰৰ সম্পাদিকা হিচাপে অতি নিষ্ঠাৰে কাৰ্যনিৰ্বাহক কৰিছিল । আনহাতে বৃহত্তৰ তেজপুৰ অৱসৰপ্ৰাপ্ত শিক্ষক ঐক্যমঞ্চৰ প্ৰতিষ্ঠাপক সভানেত্ৰী হিচাপেও প্ৰয়াত ভূঞা মৃত্যুৰ সময়লৈকে মঞ্চৰ সৈতে জড়িত হৈ মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা যিকোনো অনুষ্ঠানত সক্ৰিয়তাৰে অংশ গ্ৰহণ কৰিছিল ।
উল্লেখ্য যে শেহতীয়াকৈ ছেষ্টিছেমীয়া ৰোগত আক্ৰান্ত হৈ পৰা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী গৰাকী বিগত ১০ দিন ধৰি তেজপুৰ টাইমছ হাস্পতালত চিকিৎসাধীন হৈ আছিল যদিও আজি পুৱা ৮ -৪৫ বজাত চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত দুগৰাকী বিবাহিত কন্যা, তেজপুৰৰ জনপ্ৰিয় শিশু ৰোগ বিশেষজ্ঞ ডাঃ সুব্ৰত কাকতিৰ লগতে জোঁৱাই আৰু নাতি -নাতিনীক এৰি থৈ গৈছে। সৰবৰহী ধৰ্মপ্ৰাণা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী গৰাকীৰ পৰলোকপ্ৰাপ্তিত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰ অধ্যক্ষ ৰূপম বৰা, সকলো শিক্ষক-শিক্ষয়িত্ৰী, শ্ৰী শ্ৰী মাধৱ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ভৱানন্দ দাস, বৃহত্তৰ তেজপুৰ অৱসৰপ্ৰাপ্ত শিক্ষক ঐক্যমঞ্চৰ সম্পাদক ৰাজু বৰুৱা আদিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে । আজি দুপৰীয়া পৰোৱাৰ ৰাজহুৱা শ্মশানত বিদূষী গৰাকীৰ শেষ কৃত্য সম্পন্ন কৰা হয় ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ