ৰঙিয়াৰ বটাকুছিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পূৰ্ণাৱয়ৱ প্ৰতিমূৰ্তি উন্মোচন গৰিমা গাৰ্গৰ ,হাজাৰ হাজাৰ জুবিনপ্ৰেমীৰ সমাগম
কামৰূপ, ২৫ জুন:-(হি.স.)। ৰঙিয়াৰ বটাকুছি চকত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পূৰ্ণাৱয়ৱ প্ৰতিমূৰ্তি উন্মোচন । জুবিনৰ সহধৰ্মিণী গৰিমা শইকীয়া গাৰ্গে আনুষ্ঠানিকভাৱে প্ৰতিমূৰ্তিটো উন্মোচন কৰে । স্থানীয় সমাজকৰ্মী নৃপেন ডেকা, মিলন শইকীয়া, যুৱ ব্যৱসায়ী হে
ৰঙিয়াৰ বটাকুছিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পূৰ্ণাৱয়ৱ প্ৰতিমূৰ্তি উন্মোচন গৰিমা গাৰ্গৰ ,হাজাৰ হাজাৰ জুবিনপ্ৰেমীৰ সমাগম


কামৰূপ, ২৫ জুন:-(হি.স.)। ৰঙিয়াৰ বটাকুছি চকত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পূৰ্ণাৱয়ৱ প্ৰতিমূৰ্তি উন্মোচন । জুবিনৰ সহধৰ্মিণী গৰিমা শইকীয়া গাৰ্গে আনুষ্ঠানিকভাৱে প্ৰতিমূৰ্তিটো উন্মোচন কৰে । স্থানীয় সমাজকৰ্মী নৃপেন ডেকা, মিলন শইকীয়া, যুৱ ব্যৱসায়ী হেমেন কলিতা আৰু সৰবৰহী যুৱক জিন্টু কলিতাৰ বিশেষ উদ্যোগত উক্ত প্ৰতিমূৰ্তিটো স্থাপন কৰা হয় । প্ৰতিমূৰ্তি উন্মোচনৰ পিছত অনুষ্ঠিত স্মৃতিচাৰণ সভাত ভাষণ প্ৰসংগত গৰিমা শইকীয়া গাৰ্গে ৰঙিয়াবাসীৰ জুবিনৰ প্ৰতি থকা অপাৰ মৰম আৰু শ্ৰদ্ধা দেখি অভিভূত হোৱা বুলি উল্লেখ কৰে।

“এনেদৰেই ৰাইজে প্ৰাণৰ শিল্পী গৰাকীক জীয়াই ৰাখিব লাগিব । নতুন প্ৰজন্মৰ মাজত জুবিনৰ সৃষ্টিৰাজি আৰু তেওঁৰ আদৰ্শ আগুৱাই নিয়াৰ দায়িত্ব আমাৰ সকলোৰে।” জুবিন গাৰ্গৰ ন্যায় বিচাৰৰ প্ৰসংগ উত্থাপন কৰি গৰিমাই কয় যে অভিযুক্তই জামিন বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে যদিও অসমৰ তিনি কোটি জনতাই ন্যায়ৰ জয় কামনা কৰিছে । “কোনো শক্তিয়েই জুবিনৰ ন্যায়ক ৰখাব নোৱাৰে । জুবিনৰ ন্যায়ৰ জয় মানে প্ৰতিগৰাকী অসমীয়াৰ জয়। আমাৰ স্বাভিমান, আমাৰ আদৰৰ জুবিন গাৰ্গক আমিয়েই জীয়াই ৰাখিব লাগিব ।

আবেগিক ভাষণত তেওঁ লগতে কয় যে মাত্ৰ ৩৩ বছৰ জীয়াই থাকি জুবিনে যিমান কাম কৰি থৈ গ’ল, সেয়া ১০০ বছৰ জীয়াই থাকিও হয়তো কোনোৱে কৰিব নোৱাৰে। জুবিনৰ সত্বাক জীয়াই ৰখাৰ ক্ষেত্ৰত এনে প্ৰতিমূৰ্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।” অনুষ্ঠানত উপস্থিত জুবিনৰ ঘনিষ্ঠ সতীৰ্থ পাৰ্থপ্ৰতিম বৰাই উদাত্ত ভাষণেৰে কয় যে কিছু লোকে জুবিন হত্যাকাৰীক বচাবলৈ অহৰহ চেষ্টা চলাই আছে । কিন্তু জুবিনপ্ৰেমী সকল সদায় ন্যায়ৰ পক্ষত থিয় দিব। সেইফালৰ পৰা যদি এদাল তীৰ আহে, জুবিনপ্ৰেমীৰ ফালৰ পৰা হাজাৰদাল তীৰ আহিব । ভগৱানে ন্যায় বিচাৰ কৰিবই বুলি তেওঁ দৃঢ়তাৰে কয়।

শিক্ষক মুস্তাফা কামাল আহমেদে আঁত ধৰা অনুষ্ঠানত জুবিনৰ সহযোগী ৰাজা বৰুৱা, বাল্যবন্ধু জয়ন্ত কাকতি আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত হাজাৰ হাজাৰ জুবিনপ্ৰেমীৰ সমাগমে এক আৱেগময় পৰিৱেশৰ সৃষ্টি কৰে।

ইয়াৰ উপৰিও উদীয়মান শিল্পী ৰহিম ৰাজ, নিয়ৰ পৰশ, বনশ্ৰী দেৱী, অংকুৰ সমীৰ আদিয়ে জুবিন গাৰ্গৰ জনপ্ৰিয় গীতসমূহ পৰিৱেশন কৰি উপস্থিত দৰ্শক-শ্ৰোতাক আপ্লুত কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande