
গোলাঘাট, ২৫ জুন (হি.স.): গোলাঘাট জিলাৰ শালমৰা পুলিবৰ সংযোগী এক গড়কাপ্তানি পথে জলাকলা খুৱাইছে পথাচাৰিসকলক। মাজে মাজে সৃষ্টি হোৱা গাঁতৰ বাবে পথ নহয় যেন পুখুৰী সদৃশ হৈ পৰিছে ।
উল্লেখ্য় যে গোলাঘাট সমষ্টিৰ এই পথটো প্ৰায় ১৪ মান বছৰৰ আগতে নিৰ্মাণ কৰিছিল । মেৰমতিৰ অভাৱত এতিয়া পথটোত ডাঙৰ ডাঙৰ গাঁত হৈ পুখুৰীত পৰিণত হৈ পৰিছে । এইক্ষেত্ৰত গড়কাপ্তানি বিভাগৰ তৰফৰ পৰা কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই । এই পথেৰেই গোলাঘাট মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ লগতে পথাচাৰী সকল অহাযোৱা কৰে। সম্প্ৰতি পথটোৰ দুৰাৱস্থাৰ বাবে সকলোৱে সমস্যাৰ সন্মুখীন হৈছে। সেয়েহে শীঘ্ৰে এই বিধস্ত পথটো মেৰামতি কৰি যাতায়তৰ বাবে সূচল কৰিবলৈ আহ্বান জনাইছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ