গোসাঁইগাঁও ভাওৰাগুৰীৰ উষাটাৰী গাঁৱত কালভাৰ্ট বন্ধ কৰি অবৈধভাৱে ঘৰ নিৰ্মাণ কৰাৰ অভিযোগ
৩০০ পৰিয়াল জলমগ্ন।
গোসাঁইগাঁও ভাওৰাগুৰীৰ উষাটাৰী গাঁৱত কালভাৰ্ট বন্ধ কৰি অবৈধভাৱে ঘৰ নিৰ্মাণ কৰাৰ অভিযোগ


কোকৰাঝাৰ, ২৫ জুন (হি.স.): ধাৰাষাৰ কেইবাদিন ধৰি হোৱা বৰষুণৰ ফলত গোসাঁইগাঁও মহকুমাৰ ভাওৰাগুৰী অঞ্চলৰ উষাটাৰী গাঁৱত ভয়াবহ জলাবদ্ধ পৰিস্থিতিৰ সৃষ্টি হৈছে। গাঁওখনৰ প্ৰায় ২০০০ বিঘাৰ কৃষিভূমি বৰ্তমান পানীৰ তলত ডুব গৈ থকাৰ লগতে গাঁৱৰ তিনিশ পৰিয়ালৰ বাসগৃহ আৰু শিক্ষানুষ্ঠানসমূহো জলমগ্ন হৈ পৰিছে।

স্থানীয় ৰাইজে অভিযোগ কৰা মতে, কৃষি বিভাগৰ অধীনস্থ কৃষিভূমিত কোনো ধৰণৰ অনুমতি নোলোৱাকৈ নুৰ ইছলাম, বাহেজ আলী, আৰু ৰেজিয়া বিবিয়ে কালভাৰ্ট বন্ধ কৰি ঘৰ নিৰ্মাণ কৰাৰ লগতে পুখুৰী খনন কৰিছে । যাৰফলত গোটেই পানী উষাটাৰী গাঁৱত জমা হৈ পৰিছে।ইয়াৰ ফলত বৰষুণৰ পানী ওলাই যাব নোৱাৰাত গাঁওখনত ব্যাপক জলাবদ্ধতাৰ সৃষ্টি হৈছে।

ৰাইজে জনোৱা মতে, জলমগ্নতাৰ বাবে বহু কৃষকৰ খেতি নষ্ট হোৱাৰ উপক্ৰম হৈছে। ধান খেতিৰ বাবে প্ৰস্তুত কৰা মাটি পানীৰ তলত থকাৰ ফলত কৃষকসকল গভীৰ চিন্তাত পৰিছে। আনহাতে, গাঁওখনৰ ঊষাটাৰী বিদ্যালয় চৌহদতো পানী সোমোৱাত ছাত্ৰ-ছাত্ৰীৰ পঢ়াশুনাত ব্যাঘাত ঘটিছে।

স্থানীয় লোকসকলে অভিযোগ কৰিছে যে, এই তিনিজন ব্যক্তিৰ স্বাৰ্থজনিত কাৰ্যকলাপৰ ফলতেই সমগ্ৰ গাঁওবাসীয়ে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। তেওঁলোকে অবৈধ নিৰ্মাণসমূহৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বন্ধ হৈ থকা পানী নিষ্কাশনৰ পথ শীঘ্ৰে পুনৰ মুকলি কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande