বজালীত কালদিয়া নৈৰ গৰাখহনীয়াৰ কৱলত পাঠশালা–বালাপাৰা সংযোগী পথ
বজালীত কালদিয়া নৈৰ গৰাখহনীয়া: পাঠশালা–বালাপাৰা সংযোগী পথ ।
বজালীত কালদিয়া নৈৰ গৰাখহনীয়াৰ কৱলত পাঠশালা–বালাপাৰা সংযোগী পথ


বৰপেটা, ২৫ জুন (হি.স.): বজালীত কালদিয়া নৈৰ গৰাখহনীয়াৰ কৱলত পৰিছে পাঠশালা–বালাপাৰা সংযোগী পথ । বজালী জিলাত কালদিয়া নৈৰ অব্যাহত গৰাখহনীয়াই পুনৰ চিন্তাৰ কাৰণ হৈ পৰিছে । পাঠশালা–বালাপাৰা সংযোগী পথৰ কাষত ভয়ংকৰ গৰাখহনীয়া বিপদসংকুল যাত্ৰা কৰিবলৈ বাধ্য় হৈছে স্থানীয় ৰাইজসকলে । এই পৰিস্থিতিৰ বুজ ল’বলৈ অঞ্চলটো পৰিদৰ্শন কৰে বজালীৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ে ।

উল্লেখ্য় যে বছৰৰ প্ৰথমটো বাঢ়নী পানীয়েই কালদিয়া নৈয়ে বিভিন্ন স্থানত তাণ্ডব সৃষ্টি কৰিছে। কিছুমান ঠাইত গৰাখহনীয়াই পথৰ আধা অংশলৈকে খহাই নিয়াত সাধাৰণ ৰাইজে বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে । অঞ্চলটো পৰিদৰ্শন কৰি বিধায়কগৰাকীয়ে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক অতি সোনকালে গৰাখহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে । অহা দুই-চাৰিদিনৰ ভিতৰতে জৰুৰী ভিত্তিত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ আশ্বাস দিয়ে স্থানীয় ৰাইজক ।

ইফালে, বিধায়কগৰাকীৰ তৎপৰতাত স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰাৰ লগতে স্থায়ী সমাধানৰ দাবী উত্থাপন কৰিছে । কালদিয়া নৈৰ অব্যাহত গৰাখহনীয়াই অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা আৰু জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাত শীঘ্ৰে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ৰাইজে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande