বোকাখাতৰ খতিয়াখলি আৰু যুগলআটি সংযোগী ঘগৰা দলঙৰ শোচনীয় অৱস্থা
বোকাখাতৰ খতিয়াখলি আৰু যুগলআটি সংযোগী ঘগৰা দলঙৰ শোচনীয় অৱস্থা।
বোকাখাতৰ খতিয়াখলি আৰু যুগলআটি সংযোগী ঘগৰা দলঙৰ শোচনীয় অৱস্থা


গোলাঘাট, ২৫ জুন (হি.স.): গোলাঘাট জিলাৰ বোকাখাতৰ খতিয়াখলি আৰু যুগলআটি সংযোগী ঘগৰা দলঙৰ শোচনীয় অৱস্থাই যাতায়তৰ ক্ষেত্ৰত আহুকালৰ সৃষ্টি কৰিছে । পূৰ্বতে এটা জানৰ ওপৰত থকা কাঠৰ দলংখন যাতায়তৰ অনুপযোগী হৈ পৰাত ৰাইজে আবেদন নিবেদন কৰি এখন পকা দলং লাভ কৰিছিল। প্ৰায় এটা বছৰ পূৰ্বে নিৰ্মাণ হোৱা এই দলংখন হোৱাৰ পিছতো ৰাইজে ভুগিছে দুৰ্ভোগ। দলঙখনৰ দুয়োটা মুৰৰ মাটিখিনি তললৈ বহি যোৱা বাবে যাতায়ত কৰাত অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় লোকসকল।

উল্লেখ্য় যে কুৰুৱাবাহীৰ পৰা যুগলআটি হৈ বোকাখাতৰ যাবলৈ অতি চমু এই পথ। এই পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে ৰাইজক। আনহাতে এটা বছৰ পূৰ্বে নিৰ্মাণ হোৱা এই কংক্ৰিটৰ দলং খনৰ ওপৰৰ অংশত ইতিমধ্যে ফাট মেলা দেখি আচম্বিত হৈছে ৰাইজ । অতি সোনকালে এই জৰাজীৰ্ণ পথৰ লগতেই দলঙৰ দুয়োপাৰে মাটি পৰিপূৰ্ণ কৰি যাতায়তৰ সুচল কৰাৰ বাবে আহ্বান জনালে বিভাগীয় কৰ্তৃপক্ষক।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande