চেঙা সমষ্টিৰ কাছুমাৰাত দলং নথকাৰ বাবে নাৱেৰে বিপজ্জনকভাৱে নদী পাৰাপাৰ
বাৰিষা আহিলেই ভয়ংকৰ হৈ পৰে যাতায়াত ব্যৱস্থা।
চেঙা সমষ্টিৰ কাছুমাৰাত দলং নথকাৰ বাবে নাৱেৰে বিপজ্জনকভাৱে নদী পাৰাপাৰ


বৰপেটা, ২৫ জুন (হি.স.): বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰাত বাৰিষা আহিলেই ভয়ংকৰ হৈ পৰে যাতায়াত ব্যৱস্থা । সাধাৰণ লোকৰ লগতে বিপজ্জনকভাৱে নদী পাৰ হৈ বিদ্যালয়লৈ যাব লগীয়া শ শ ছাত্ৰ-ছাত্ৰী।

বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰাত এখন দলং নথকাৰ বাবেই এনেদৰে নাৱেৰে বিপজ্জনকভাৱে নদী পাৰ হৈ বিদ্যালয়লৈ যাবলৈ বাধ্য় হৈছে অঞ্চলটোৰ প্ৰায় পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীসকল । কাছুমাৰা বজাৰৰপৰা কাছুমাৰা এন চি লৈ যোৱা পথৰ জলজলী নদীৰ ওপৰত থকা লোকনিৰ্মাণ বিভাগৰ কোটি টকী দলংখন বানে উটুৱাই নিয়াৰ পাঁচ বছৰ পাছতো বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত যাতায়াতৰ নামত দুৰ্ভোগ ভুগিছে অঞ্চলবাসীয়ে। শীঘ্ৰে উক্ত স্থানত এখন পকী দলং নিৰ্মাণৰ দাবী জনাইছে ৰাইজে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande