
নতুন দিল্লী, ২৫ জুন (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে পশ্চিম বংগৰ ৰাজধানী কলকাতাত সংঘটিত অট্টালিকা ভাঙি পৰা দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ পৰা এককালিন সাহাৰ্য
ঘোষণা কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰত পোষ্ট কৰি কয় যে, কালিৰ কলকাতাত (বুধবাৰ) সংঘটিত হোৱা দুৰ্ঘটনাটো গভীৰ দুখজনক। এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই পেলোৱাসকলৰ পৰিয়ালে পিএমএনআৰএফৰ পৰা প্ৰতিজন ব্যক্তিৰ বাবে ২ লাখ টকাৰ এককালিন সাহাৰ্য
লাভ কৰিব। আহতসকলে লাভ কৰিব ৫০ হাজাৰ ₹। মোদীয়ে আশ্বাস দিয়ে যে ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক সম্ভৱপৰ সকলো সাহায্য নিশ্চিত কৰাৰ বাবে দিনে-নিশাই কাম কৰি আছে।
মন কৰিবলগীয়া যে কলকাতাৰ তৰাটলা অঞ্চলৰ ব্ৰেচ দলঙৰ সমীপত নির্মাণিত গুদামৰ চাদত এক বৃহৎ দুৰ্ঘটনা সংঘটিত হয়। কালি নির্মাণীয় তিনিমহলীয়া চাহ গুদামৰ তৃতীয় মহলাৰ চাল ঢালাইৰ সময়ত হঠাৎ ভাঙি পৰে গাঁথনিটো ৷ ধ্বংসাৱশেষৰ তলত কেইবাজনো শ্ৰমিক আৱদ্ধ হৈ পৰে। এই পৰ্যন্ত এই দুৰ্ঘটনাত ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া