
গোলাঘাট, ২৫জুন (হি.স.)। নুমলীগড়ত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। যোৱা নিশা বন্যহস্তী এটাই পিএম শ্ৰী বকিয়াল উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰৱেশ কৰি বিদ্যালয়ৰ ৰান্ধনী ঘৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ৰাগি আৰু গুৰ খাই বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে ভিতৰত থকা সামগ্ৰী সমূহো লণ্ডভণ্ড কৰে।
বিদ্যালয়ৰ মধ্যাহ্ন ভোজন আঁচনিৰ ৰান্ধনী ঘৰ ভাঙি পেলোৱাৰ লগতে ভিতৰত সংৰক্ষিত ৰাগি, গুৰ আদি খাদ্য সামগ্ৰী খাই নষ্ট কৰে। ইয়াৰ উপৰিও ৰান্ধনী ঘৰৰ ভিতৰত থকা বিভিন্ন সামগ্ৰী লণ্ডভণ্ড কৰি বিস্তৰ ক্ষতিসাধন কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা