

-৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঘৰৌণ্ডা টোল প্লাজাত মাল্টি লেন ফ্ৰী ফ্ল' টোলিং আৰম্ভ
নতুন দিল্লী, ২৫ জুন (হি.স.)। ৰাষ্ট্ৰীয় ঘাইপথ ৪৪ৰ পানীপট-জলন্ধৰ অংশৰ ঘৰৌন্দা টোল প্লাজাত মাল্টি লেন ছিমলেছ ট্ৰেন্সপ’ৰ্ট (এম এল এফ এফ) প্ৰযুক্তিভিত্তিক টোলিং ব্যৱস্থা আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ ৪৪ৰ পানীপট-জলন্ধৰ অংশৰ ঘৰৌণ্ডা টোল প্লাজাত ফ্ল’ (এম এল এফ এফ) টোলিং ব্যৱস্থা। ঘৰৌণ্ডা হৈছে হাৰিয়ানাৰ প্ৰথমটো বাধাবিহীন টোলিং ব্যৱস্থা, য’ত বাহনসমূহে ৰৈ বা গতি হ্ৰাস নকৰাকৈয়ে পাৰ হ’ব পাৰে, আৰু ফাষ্টটেগচ (FASTags)ৰ জৰিয়তে স্বয়ংক্ৰিয়ভাৱে টোল কৰ্তন কৰা হ’ব।
মন্ত্ৰালয়ে কয় যে এই নতুন প্ৰযুক্তিৰ সহায়ত যান-বাহনসমূহে টোল দিবলৈ ৰৈ বা লেহেমীয়া কৰাৰ প্ৰয়োজন নহ’ব, যাৰ ফলত যাত্ৰা অধিক নিৰৱচ্ছিন্ন হৈ পৰিব। ইয়াৰ পূৰ্বে এনএইচএআইয়ে গুজৰাটৰ চোৰিয়াছি, দিল্লীৰ মুণ্ডকা টোল প্লাজা, ৰাজস্থানৰ দৌলতপুৰা টোল প্লাজাত বহু লেন ফ্ৰী ফ্ল’ টোলিং সফলতাৰে ৰূপায়ণ কৰিছে। ঘৰৌন্দা টোল প্লাজাত বহু-লেন ফ্ৰী ফ্ল’ টোলিং ৰূপায়ণ ভাৰতৰ আধুনিক, কাৰ্যক্ষম, আৰু মসৃণ ঘাইপথ নেটৱৰ্কৰ দিশত আন এক উল্লেখযোগ্য মাইলৰ খুঁটি।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া