ৰঙাপৰাত চাঞ্চল্যকৰ হত্যাকাণ্ডঃসম্বন্ধীয় ককায়েকৰ হাতত প্ৰাণগল সুৰাসক্ত ভ্ৰাতৃৰ
শোণিতপুৰ, ২৫ জুন (হি.স.)। শোণিতপুৰৰ ৰঙাপৰাত যোৱা নিশা এজন লোকে নিজৰ মোমায়েকৰ পুত্ৰ তথা সম্বন্ধত ভায়েকক হত্যা কৰে৷আনহাতে এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰা বুলি অভিযুক্ত বিৰছা চুৰিনে স্বীকাৰ কৰাৰ লগতে অত্যাধিক সুৰাপান কৰি নিহত অৰ্জুন কচোৱাই কৰা উদ্ভ
ৰঙাপৰাত চাঞ্চল্যকৰ হত্যাকাণ্ডঃসম্বন্ধীয় ককায়েকৰ হাতত প্ৰাণগল সুৰাসক্ত ভ্ৰাতৃৰ


শোণিতপুৰ, ২৫ জুন (হি.স.)। শোণিতপুৰৰ ৰঙাপৰাত যোৱা নিশা এজন লোকে নিজৰ মোমায়েকৰ পুত্ৰ তথা সম্বন্ধত ভায়েকক হত্যা কৰে৷আনহাতে এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰা বুলি অভিযুক্ত বিৰছা চুৰিনে স্বীকাৰ কৰাৰ লগতে অত্যাধিক সুৰাপান কৰি নিহত অৰ্জুন কচোৱাই কৰা উদ্ভণ্ডালিৰ পৰিণতিতে এই ঘটনা সংঘটিত কৰা বুলিও প্ৰকাশ কৰিছে৷আৰক্ষীসূত্ৰই সদৰি কৰা অনুসৰি এই চ হত্যাকাণ্ডটো সংঘটিত হয় ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ধূলপাদুং চাহ বাগিচাৰ ১০ নম্বৰ বালুডিং লাইনত ।উল্লেখযোগ্য যে,বালোদিন লাইনৰ বাসিন্দা অৰ্জুন কাচোৱা নামৰ যুৱকজনে কোনো কামকাজ নকৰি, নিতৌ অত্যাধিক সুৰাপান কৰি ঘৰত অশান্তিৰ পৰিবেশ সৃষ্টি কৰি আহিছিল।

যোৱা নিশাও অৰ্জুনে অত্যাধিক সুৰাপান কৰি পিতৃ-মাতৃক অৰ্থাৎ অভিযুক্ত বিৰছাৰ মোমায়েক-মামীয়েকক গালিগালাজ কৰাৰ লগতে মাৰধৰ কৰিবলৈ উদ্যত হয়। অৰ্জুনৰ অত্যাচাৰ ইমানদিনে সহ্য কৰি যোৱা বিৰছাই মোমায়েক আৰু মামীয়েকক অৰ্জুনে আক্ৰমণ কৰিবলৈ উদ্যত হোৱাত হিতাহিত জ্ঞান হেৰুৱাই অৰ্জুনক আক্ৰমণ কৰে৷ইমানদিনে অব্যাহত থকা ঘৰুৱা কন্দলৰ অৱসান বিচাৰি মোমায়েকৰ ঘৰতে থকা ভাগিনীয়েক বিৰছাই লাঠি এডালৰে অৰ্জুন কাচোৱাক উপৰ্যুপৰি প্ৰহাৰ কৰে।

সুৰাৰ ৰাগীত মাতাল হৈ থকা অৰ্জুনৰ থিতাতে মৃত্যু ঘটে। ইফালে নিশা হূলস্থুল হৈ থকা ঘৰখন হঠাতে নিস্তব্ধ হৈ পৰাত কাষৰীয়া লোকৰ সন্দেহ ওপজে আৰু খবৰ লোৱাত লোমহৰ্ষক হত্যাকাণ্ডৰ খবৰ পোহৰলৈ আহে। পাছত স্থানীয় ৰাইজে বাগিচা কৰ্তৃপক্ষৰ লগতে ৰঙাপৰা আৰক্ষীক অৱগত কৰাত নিশাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত কৰাৰ লগতে ঘটনাস্থলীৰ পৰা অৰ্জুন কাচোৱাৰ মৃতদেহটো উদ্ধাৰ কৰে আৰু অভিযুক্ত হত্যাকাৰী বিৰছা চুৰিণক গ্ৰেপ্তাৰ কৰে। ইপিনে আৰক্ষীয়ে আজি অৰ্জুনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসামহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।আনহাতে অভিযুক্ত বিৰছাক আজি দিনত তেজপুৰ সত্ৰন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে বিৰছাক ন্যায়িক জিন্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande