অসম মেঘালয় সীমান্তৰ পশ্চিম গোৱালপাৰা সমষ্টিৰ অন্তৰ্গত টেকেলিপাৰা গাঁওত বিধায়ক পবিত্ৰ ৰাভাই ছাত্ৰ ছাত্ৰীক প্ৰদান কৰে লাইফ জেকেট আৰু টিউব
গোৱালপাৰা, ২৫ জুন (হি.স.)। অসম মেঘালয় সীমান্তৰ পশ্চিম গোৱালপাৰা সমষ্টিৰ অন্তৰ্গত টেকেলিপাৰা গাঁওত আজি গাঁওৱাসীৰ সুৰক্ষাৰ লগতে কণ কণ ছাত্ৰ ছাত্ৰী সকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিম গোৱালপাৰাৰ বিধায়ক পবিত্ৰ ৰাভাই প্ৰদান কৰে লাইফ জেকেট আৰু টিউব। স
অসম মেঘালয় সীমান্তৰ পশ্চিম গোৱালপাৰা সমষ্টিৰ অন্তৰ্গত টেকেলিপাৰা গাঁওত বিধায়ক পবিত্ৰ ৰাভাই ছাত্ৰ ছাত্ৰীক প্ৰদান কৰে লাইফ জেকেট আৰু টিউব


গোৱালপাৰা, ২৫ জুন (হি.স.)। অসম মেঘালয় সীমান্তৰ পশ্চিম গোৱালপাৰা সমষ্টিৰ অন্তৰ্গত টেকেলিপাৰা গাঁওত আজি গাঁওৱাসীৰ সুৰক্ষাৰ লগতে কণ কণ ছাত্ৰ ছাত্ৰী সকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিম গোৱালপাৰাৰ বিধায়ক পবিত্ৰ ৰাভাই প্ৰদান কৰে লাইফ জেকেট আৰু টিউব। সীমান্তৰ এই টেকেলিপাৰা গাঁওৱাসীয়ে এখন দলঙৰ বাৱে যাতায়তৰ ক্ষেত্ৰত বছৰ বছৰ ধৰি নৰক যন্ত্ৰনা ভোগ কৰি আহিছিল। জিনাৰী নৈৰ মাজেৰে একঁকাল পানী ভাঙি ছাত্ৰ ছাত্ৰী সকল গৈছিল বিদ্যালয়লৈ অহা যোৱা কৰিব লাগে।

বিগত সময় ছোৱাত কোনো এজন বিধায়কৰ পদাৰ্পন নহোৱা গাঁওখনলৈ অৱশেষত দূৰ্দশাৰ খৱৰ লবলৈ গৈছিল নৱ নিৰ্বাচিত বিধায়ক পবিত্ৰ ৰাভা। কণ কণ ছাত্ৰ ছাত্ৰী সকলৰ দূৰ্দশাৰ অৱস্থা দেখিয়ে সাত দিনৰ ভিতৰত এখন নাঁওৰ ব্যৱস্থা কৰি দিয়াৰ কথা কৈছিল বিধায়ক গৰাকীয়ে। অৱশেষত কথা মতে কাম। মাত্ৰ তিনিদিনৰ ভিতৰতে গাঁওৱাসীক দিলে এখন নাঁও। যিখন নাঁওৰে গাঁওৱাসীৰ লগতে কণ কণ ছাত্ৰ ছাত্ৰী সকলে এতিয়া নিৰাপদে আহে বিদ্যালয়লৈ।

ইয়াৰ পিচতে যেতিয়া নৈৰ পানী বাঢ়িবলৈ ধৰিলে সেই সময়তে বিধায়ক পবিত্ৰ ৰাভাই ছাত্ৰ ছাত্ৰী আৰু গাঁওৱাসীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য কৰি আজি লাইফ জেকেট আৰু টিউব প্ৰদান কৰে। পবিত্ৰ ৰাভাৰ এই মহানুভৱতাৰ বাৱে গাঁওৱাসী আজি আনন্দত উৎফল্লিত। এই ক্ষেত্ৰত বিধায়ক পবিত্ৰ ৰাভাই কয় যে, মই যিহেত এজন ৰাইজৰ সেৱক সেয়ে সমষ্টিটোৰ চুকে কোনে খৱৰ ৰখাটো মোৰ কৰ্তব্য। ইতিমধ্যে সমষ্টিটোত বহু বাট পথ কাম কৰা হব। লগতে টেকেলিপাৰা গাঁওৱাসীৰ সুবিধাৰ্থে অচিৰেই এখন দলং নিৰ্মান কৰা হব বুলিও কয় বিধায়ক পবিত্ৰ ৰাভাই।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande