
কামৰূপ, ২৫ জুন (হি.স.)। ৰঙিয়াৰ অতিৰিক্ত সত্ৰ আৰু জিলা ন্যায়াধীশ আদালতৰ চুড়ান্ত ৰায়দান।
হত্যাকাণ্ডৰ গোচৰত বিপুল বড়ো নামৰ এজন অপৰাধীক বিহিলে যাৱজ্জীৱন কাৰাদণ্ড ।
ন্যায়াধীশ মুকুল চেতিয়াৰ আদালতে এই গুৰুত্বপূৰ্ণ ৰায়দান দিয়ে ।
বিপুল বড়োই হত্যা কৰিছিল ভদ্ৰেশ্বৰ ৰাজবংশী নামৰ এজন লোকক ।
উক্ত এই ঘটনাৰ একমাত্ৰ সাক্ষী মৃতকৰ পত্নী যমুনা ৰাজবংশীয়ে বাইহাটা চাৰিআলি থানাত তৰিচিল গোচৰ ।
ধাৰা ৩০২ আৰু ১৭৫/১৭ নং গোচৰৰ তদন্ত আৰু অনুসন্ধানৰ ভিত্তিত চুড়ান্ত ৰায় দিলে আদালতে ।
অভিযুক্ত বিপুল বড়োক আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ৫ হাজাৰ টকাৰ জৰিমণা বিহে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা