ৰঙিয়াত পিষ্টল দেখুৱাই ডিঙিৰ পৰা কাঢ়ি নিলে সোণৰ চেইন
কামৰূপ, ২৫ জুন (হি.স.)। আকৌ চিলনী চোৰৰ সন্ত্ৰাস ৰঙিয়াত। পিষ্টল দেখুৱাই ডিঙিৰ পৰা কাঢ়ি নিলে সোণৰ চেইন। প্ৰাতঃ ভ্ৰমণলৈ আহিছিল ৰঙিয়াৰ ৫ নং ৱাৰ্ডৰ পখিলা কলিতা। হেলমেট পৰিধিত দুই দুৰ্বৃত্ত আহিছিল এখন মটৰ চাইকেলত। ৰঙিয়া নগৰৰ মাজতে ব্ৰিক ফিল্ড কল''নী
ৰঙিয়াত পিষ্টল দেখুৱাই ডিঙিৰ পৰা কাঢ়ি নিলে সোণৰ চেইন


কামৰূপ, ২৫ জুন (হি.স.)। আকৌ চিলনী চোৰৰ সন্ত্ৰাস ৰঙিয়াত। পিষ্টল দেখুৱাই ডিঙিৰ পৰা কাঢ়ি নিলে সোণৰ চেইন।

প্ৰাতঃ ভ্ৰমণলৈ আহিছিল ৰঙিয়াৰ ৫ নং ৱাৰ্ডৰ পখিলা কলিতা। হেলমেট পৰিধিত দুই দুৰ্বৃত্ত আহিছিল এখন মটৰ চাইকেলত। ৰঙিয়া নগৰৰ মাজতে ব্ৰিক ফিল্ড কল'নীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। উল্লেখ্য যে ৰঙিয়া বিজেপি নগৰ মণ্ডলৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাৰ মাতৃ পখিলা কলিতা।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande