বাণিজ্যিক এল পি জিৰ ওপৰত আঁতৰিল নিষেধাজ্ঞা
নতুন দিল্লী, ২৫ জুন (হি.স.)। ঔদ্যোগিক আৰু বাণিজ্যিক এল পি জি গ্ৰাহকৰ বাবে এক বৃহৎ সকাহ স্বৰূপে চৰকাৰে অ-ঘৰুৱা বা বাণিজ্যিক পেকেজড এল পি জিৰ যোগানৰ ওপৰত থকা সকলো আঞ্চলিক নিষেধাজ্ঞা উঠাই লৈছে আৰু পশ্চিম এছিয়াৰ সংকটৰ পূৰ্বৰ স্তৰলৈ যোগান পুনৰ ঘূৰাই আন
LPG


নতুন দিল্লী, ২৫ জুন (হি.স.)। ঔদ্যোগিক আৰু বাণিজ্যিক এল পি জি গ্ৰাহকৰ বাবে এক বৃহৎ সকাহ স্বৰূপে চৰকাৰে অ-ঘৰুৱা বা বাণিজ্যিক পেকেজড এল পি জিৰ যোগানৰ ওপৰত থকা সকলো আঞ্চলিক নিষেধাজ্ঞা উঠাই লৈছে আৰু পশ্চিম এছিয়াৰ সংকটৰ পূৰ্বৰ স্তৰলৈ যোগান পুনৰ ঘূৰাই আনিছে।

তদুপৰি সংকটৰ আৰম্ভণিতে বন্ধ হৈ থকা পাইকাৰী এল পি জিৰ যোগান পুনৰ ব্যৱহাৰৰ মাত্ৰা ৫০ শতাংশলৈ ঘূৰাই অনা হৈছে। ইয়াৰ দ্বাৰা বাণিজ্যিক আৰু উদ্যোগিক গ্ৰাহকসকলে যথেষ্ট সকাহ পাব।

পশ্চিম এছিয়াৰ সংকটৰ সময়ত চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ অধীনত ঘৰুৱা এল পি জি উৎপাদন বৃদ্ধিৰ নিৰ্দেশ জাৰি কৰিছিল। ইয়াৰ বাবে পেট্ৰ’কেমিকেল আৰু অন্যান্য ব্যৱহাৰৰ পৰা কেৱল এল পি জি উৎপাদনলৈ চি৩-চি৪ ধাৰাক ডাইভাৰচন কৰাৰ প্ৰয়োজন হৈছিল। ঘৰুৱা এল পি জি উৎপাদনৰ উন্নতি আৰু আমদানিকৃত এল পি জি কাৰ্গোৰ প্ৰত্যাশিত উপলব্ধতা বিবেচনা কৰি চৰকাৰে এল পি জি পুলৰ পৰা চি ৩/চি ৪ ষ্ট্ৰিমৰ ডাইভাৰচন হ্ৰাস কৰাৰ সিদ্ধান্তও লৈছে।

অ-এল পি জি ব্যৱহাৰৰ বাবে চি ৩-চি ৪ ষ্ট্ৰিমৰ বৰ্ধিত আবণ্টন কাৰ্যকৰী কৰাৰ লগতে ঘৰুৱা এল পি জিৰ উপলব্ধতা যাতে কোনো প্ৰভাৱ নপৰে আৰু মুঠ ঘৰুৱা এল পি জি উৎপাদন প্ৰতিদিনে ৪০ মেট্ৰিক টনৰ তললৈ নপৰে সেয়া নিশ্চিত কৰা হ’ব।

মন্ত্ৰালয়ৰ অধীনস্থ উচ্চ প্ৰযুক্তি কেন্দ্ৰক পেট্ৰ’কেমিকেল আৰু অন্যান্য জটিল খণ্ডৰ বাবে এই বৃদ্ধি পোৱা চি ৩-চি ৪ ধাৰাসমূহৰ সংগঠনভিত্তিক আবণ্টন মুকলি কৰি মন্ত্ৰালয়ক নিয়মীয়াকৈ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে চৰকাৰে তেল বিপণন কোম্পানীসমূহক বাণিজ্যিক আৰু উদ্যোগিক এল পি জি গ্ৰাহকৰ বিস্তৃত তথ্য ৰখাৰ নিৰ্দেশ দিছে যাতে দক্ষ পৰিকল্পনা আৰু যোগান ব্যৱস্থাপনা সহজ হয়। নিৰীক্ষণ আৰু কাৰ্য্যকৰী সমন্বয় শক্তিশালী কৰিবলৈ সমগ্ৰ অ’এমচিসমূহত এক সংহত আঞ্চলিক তথ্যকোষো ৰক্ষণাবেক্ষণ কৰা হ’ব।

মন্ত্ৰালয়ে উল্লেখ কৰিছে যে চৰকাৰে পিএনজি সংযোগ সম্প্ৰসাৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। ইতিমধ্যে পাইপলাইন প্ৰাকৃতিক গেছ (পিএনজি)লৈ সলনি হোৱা বাণিজ্যিক আৰু বাল্ক গ্ৰাহকসকল পিএনজিত থাকিব। পিএনজি নেটৱৰ্কৰ সুবিধা থকা বা পিএনজিলৈ যোৱাৰ প্ৰক্ৰিয়াত থকা অন্যান্য যোগ্য এলপিজি গ্ৰাহকসকলক চিটি গেছ বিতৰণ (চিজিডি) সত্তাৰ সৈতে সমন্বয়ত ক্ৰমান্বয়ে পিএনজিলৈ সলনি কৰা হ’ব।

এই সন্দৰ্ভত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সচিবে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰি সংশোধিত যোগান ব্যৱস্থাৰ সুচাৰুৰূপে ৰূপায়ণ সুনিশ্চিত কৰিবলৈ অনুৰোধ জনাইছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande