
গুৱাহাটী, ২৫ জুন(হি.স.)। অহা ২৫ জুনত সন্ধিয়া ৫.১৫ বজাত বৃহত্তৰ উজানবজাৰ ভাওনা শিল্পী সমাজ আৰু গুৱাহাটী বিহু সন্মিলনীৰ উদ্যোগত ঐতিহ্যমণ্ডিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত সত্ৰীয়া সংস্কৃতিৰ অন্যতম প্ৰবাদ পুৰুষ তথা জীৱন্ত কিংবদন্তি হিচাপে পৰিগণিত হোৱা তথা নৱ বৈষ্ণৱ ধৰ্মৰ এগৰাকী সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰচাৰক ৰূপে বিশ্বৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা অসমীয়া জাতি-জনগোষ্ঠীয় ৰাইজৰ মাজত খ্যাতি লাভ কৰিবলৈ সক্ষম হোৱা ঐতিহ্যমণ্ডিত আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ড০ পিতাম্বৰ দেৱ গোস্বামীক এক সম্বৰ্ধনা জনোৱা হ’ব।
উল্লেখ্য় যে সত্ৰাধিকাৰ ড০ পিতাম্বৰ দেৱ গোস্বামীয়ে যোৱা ১৭ জুন তাৰিখে লণ্ডনস্থিত বৃটিছ পাৰ্লিয়ামেণ্টত অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু সমাজত ইয়াৰ প্ৰভাৱ শীৰ্ষক বিষয়ৰ লগত সংগতি ৰাখি The Blazing Challenge of Srimanta Shankardeva নামাকৰণেৰে এক গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে।
গুৰুজনাৰ সৃষ্টি আৰু কৃষ্টিৰ ওপৰত আলোকপাত কৰাৰ লগতে বৈষ্ণৱ সনাতনী সংস্কৃতিৰ প্ৰথম গৰাকী অসমীয়া ধৰ্মগুৰু ৰূপে নিজক প্ৰতিষ্ঠা কৰি এক বিৰল কৃতিত্বৰ অধিকাৰী হৈ আমাৰ জাতিটোৰ কৃষ্টি সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ বাবে আনুষ্ঠানিক ভাৱে এক ৰাজহুৱা সম্বৰ্ধনাৰ আয়োজন কৰা হৈছে ।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ