
লখিমপুৰ, ২৫ জুন (হি.স.): পুত্ৰক চৰকাৰী চাকৰি দিম বুলি মাতৃৰ পৰা সৰকালে ৬ লাখ ৬০ হাজাৰ টকা। নাৰায়ণপুৰৰ শিমলুগুৰিত সংঘটিত হৈছে এই ঘটনা।
জানিব পৰামতে, শিমলুগুৰিৰ ৰাজগড় ছিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ সহকাৰী শিক্ষক চত্ৰধৰ চাবুকধৰাই, কুঞ্জ লাহণ নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীক পুত্ৰক এডিআৰইৰ চকৰি দিয়াৰ মিছা প্ৰলোভন দি লুটিলে এই ধন। শিমলুগুৰিৰ দাধৰাৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী কুঞ্জ লাহণে ইতিমধ্যে লখিমপুৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এই ঘটনাৰ উচিত তদন্ত বিছাৰি শিক্ষক গৰাকীৰ বিৰুদ্ধে তৰিছে গোচৰ।
অভিযোগ অনুসৰি শিক্ষক চত্ৰধৰ চাবুকধৰাই গহপুৰ কলমৌগুৰিৰ দুজন ব্যক্তিৰ লগত লগ হৈ পাতিছিল এই ফান্দি। বৰ্তমান নিজৰ কষ্টোপাৰ্জিত ধন হেৰুৱাই স্বামীহাৰা মহিলা গৰাকীয়ে দিকবিদিক হেৰুৱাই পেলাই সংবাদ মাধ্যমৰ কাষ চাপি উচিত তদন্তৰ দাবী তুলিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ