
বৰপেটা, ২৫ জুন (হি.স.)। বৰপেটা ৰোডৰ বাৰাপেটা পশুধন ফাৰ্মৰ ৬০০ বিঘা মাটি বেদখলৰ অপচেষ্টা ৰূপান্তৰ বহুমুখী সমবায় সমিতি নামৰ এখন বিতৰ্কিত সমিতিৰ |
ৰূপান্তৰ বহুমুখী সমবায় সমিতিৰ নামত নিশাৰ ভাগত বাৰাপেটা পশুধন ফাৰ্মৰ ৬০০ বিঘা মাটি বেদখল কৰি ফলক আৰি দিলে সমিতিখনে |
অবশেষত বৰপেটা জিলা প্ৰশাসনে উক্ত ফলক আতৰাই বেদখলমুক্ত কৰে ফাৰ্মৰ ৬০০ বিঘা ভূমি |
বাৰাপেটা পশুধন ফাৰ্মৰ ৬০০ বিঘা মাটি বেদখলক লৈ সৃষ্টি হৈছিল তীব্র চাঞ্চল্যৰ।
ফার্মখনৰ প্ৰবন্ধকে এই সন্দৰ্ভত বৰপেটা জিলা আয়ুক্তৰ ওচৰত লিখিত অভিযোগ দাখিলৰ পিচতে সৰভোগৰ ৰাজহ চক্ৰ বিষয়াই আৰক্ষীৰ উপস্থিতিত চৰকাৰী মাটি দখল কৰিব বিচৰা চক্ৰটোৱে আৰি দিয়া ফলক উভালি পেলায়।
এই সন্দৰ্ভত ৰূপান্তৰ বহুমুখী সমবায় সমিতিৰ বিৰুদ্ধে বৰপেটাৰোড থানাত ফার্ম কর্তৃপক্ষই এখন এজাহাৰ দাখিল কৰিছে।
উল্লেখ্য যে, পশুপালন ফাৰ্মখনত ৬কোটি ৭০লাখ প্ৰকল্প ব্যয় সাপেক্ষে কেন্দ্ৰীয় চৰকাৰে Rural Infrastructure Development Fund চমুকৈ RIDFৰ পূঁজিৰ জৰিয়তে 'পশুৰ স্বয়ংক্ৰিয় খাদ্য প্ৰস্তুতকৰণ প্ৰকল্প' আৰু চেউৰী গৰু ফাৰ্ম প্ৰকল্প দুটিৰ কাম আৰম্ভ কৰিব |
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা