ডিমৰীয়া মহাবিদ্যালয়ত গ্ৰন্থ উন্মোচন আৰু বিশেষ বক্তৃতানুষ্ঠান সম্পন্ন
গুৱাহাটী, ২৫জুন (হি.স.)। ডিমৰীয়া মহাবিদ্যালয়(স্বায়ত্তশাসিত)ত গ্ৰন্থ উন্মোচন আৰু বিশেষ বক্তৃতানুষ্ঠান সম্পন্ন। আজি ডিমৰীয়া মহাবিদ্যালয় (স্বায়ত্তশাসিত)-ৰ আভ্যন্তৰীণ গুণগত মাপ নিশ্চিতকৰণ কোষ (IQAC)-ৰ উদ্যোগত গৱেষণাধৰ্মী গ্ৰন্থ ‘PARISHEELAN’ (Vo
ডিমৰীয়া মহাবিদ্যালয়(স্বায়ত্তশাসিত)ত গ্ৰন্থ উন্মোচন আৰু বিশেষ বক্তৃতানুষ্ঠান সম্পন্ন।


ডিমৰীয়া মহাবিদ্যালয়(স্বায়ত্তশাসিত)ত গ্ৰন্থ উন্মোচন আৰু বিশেষ বক্তৃতানুষ্ঠান সম্পন্ন।


গুৱাহাটী, ২৫জুন (হি.স.)। ডিমৰীয়া মহাবিদ্যালয়(স্বায়ত্তশাসিত)ত গ্ৰন্থ উন্মোচন আৰু বিশেষ বক্তৃতানুষ্ঠান সম্পন্ন। আজি ডিমৰীয়া মহাবিদ্যালয় (স্বায়ত্তশাসিত)-ৰ আভ্যন্তৰীণ গুণগত মাপ নিশ্চিতকৰণ কোষ (IQAC)-ৰ উদ্যোগত গৱেষণাধৰ্মী গ্ৰন্থ ‘PARISHEELAN’ (Vol-III)-ৰ উন্মোচন আৰু এখন বিশেষ বক্তৃতানুষ্ঠান সফলতাৰে অনুষ্ঠিত হয়।

মহাবিদ্যালয়ৰ ডিজিটেল কক্ষত অনুষ্ঠিত অনুষ্ঠানটোত গৱেষণামূলক এই গ্ৰন্থখন উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড° ৰেখা ৰাণী দেৱীয়ে। ইয়াৰ পিছতে অনুষ্ঠিত বিশেষ বক্তৃতানুষ্ঠানত ড° দেৱীয়ে “মানৱ সভ্যতাৰ উত্তৰণত সাহিত্য-চৰ্চাৰ প্ৰাসংগিকতা” শীৰ্ষক বিষয়ত ভাষণ প্ৰদান কৰে।

তেওঁ নিজৰ ভাষণত কয় যে সাহিত্য কেৱল সৃষ্টিশীলতাৰ মাধ্যমেই নহয়, ই সমাজ, সংস্কৃতি আৰু মানৱ মূল্যবোধৰ বিকাশতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মানৱ সভ্যতাৰ অগ্ৰগতিত সাহিত্য-চৰ্চাই যুগে যুগে চিন্তা-চেতনাৰ বিকাশ সাধন কৰি আহিছে বুলিও তেওঁ উল্লেখ কৰে।

উল্লেখ্য যে গৱেষণাধৰ্মী এই কিতাপখন সম্পাদনা কৰে শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক ড০ অঞ্জন কুমাৰ ৰাভা আৰু অসমীয়া বিভাগৰ অধ্যাপিকা ড০ মীনাক্ষী বৰুৱাই। মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ পংকজ নমশূদ্ৰই উদ্দেশ্য বাখ্যা কৰা অনুষ্ঠানটোত মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ অংগীৰা ভাগৱতী, অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।

শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত নতুন চিন্তা আৰু অধ্যয়নৰ দুৱাৰ মুকলি কৰাৰ লক্ষ্যৰে প্ৰকাশিত ‘PARISHEELAN’ (Vol-III)-এ শৈক্ষিক জগতত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে উপস্থিত আটাইয়ে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande