শ্ৰীভূমিত দোকানৰ বাৰান্দাত জ্বলন্ত অৱস্থাত উদ্ধাৰ এজন লোকৰ মৃতদেহ
শ্ৰীভূমি, ২৫ জুন (হি.স.)। শ্ৰীভূমিত দোকানৰ বাৰান্দাত জ্বলন্ত অৱস্থাত উদ্ধাৰ এজন লোকৰ মৃতদেহ। শ্ৰীভূমি চহৰৰ সমীপৱৰ্তী কানিশাইল এলেকাত চাঞ্চল্যকৰ ঘটনা। এখন দোকানৰ সন্মুখৰ বাৰান্দাত জ্বলন্ত অৱস্থাত উদ্ধাৰ কৰা হৈছে ব্যক্তিগৰাকীৰ মৃতদেহ। আজি পুৱাৰ ভাগ
শ্ৰীভূমিত দোকানৰ বাৰান্দাত জ্বলন্ত অৱস্থাত উদ্ধাৰ এজন লোকৰ মৃতদেহ


শ্ৰীভূমি, ২৫ জুন (হি.স.)। শ্ৰীভূমিত দোকানৰ বাৰান্দাত জ্বলন্ত অৱস্থাত উদ্ধাৰ এজন লোকৰ মৃতদেহ। শ্ৰীভূমি চহৰৰ সমীপৱৰ্তী কানিশাইল এলেকাত চাঞ্চল্যকৰ ঘটনা। এখন দোকানৰ সন্মুখৰ বাৰান্দাত জ্বলন্ত অৱস্থাত উদ্ধাৰ কৰা হৈছে ব্যক্তিগৰাকীৰ মৃতদেহ। আজি পুৱাৰ ভাগত স্থানীয় লোকে ঘৰৰ পৰা ওলাই আহি দোকান খনৰ সন্মুখত এজন ব্যক্তিক জ্বলন্ত অৱস্থাত দেখি তৎক্ষণাত আৰক্ষীক খবৰ দিয়ে।

মৃত ব্যক্তি জনৰ পৰিচয় ছুৰমান আলী বুলি জানিব পৰা গৈছে। তেওঁ পেছাত এজন টুক-টুক চালক আছিল। ঘটনাৰ খবৰ পাই আৰক্ষীৰ এটা দল তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে আৰু তদন্ত আৰম্ভ কৰিছে।

প্ৰাথমিকভাৱে ঘটনাটো আত্মহত্যা নে হত্যাকাণ্ড, সেই বিষয়ে নিশ্চিত হোৱা নাই। ৰাজপথৰ কাষৰ দোকানৰ বাৰান্দাত কেনেদৰে এই ঘটনা সংঘটিত হ'ল, সেই দিশ সমূহক কেন্দ্ৰ কৰি আৰক্ষীয়ে গভীৰ তদন্ত চলাই আছে।

ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ এলেকাটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে ঘটনাটোৰ প্ৰকৃত কাৰণ পোহৰ

লৈ আহিব।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande