সংবিধান ১০০% মানি লোৱা প্ৰথমজন প্ৰধানমন্ত্ৰী মোডীঃ ৰাম বাহাদুৰ ৰায়
নতুন দিল্লী, ২৫ জুন (হি.স.)। জৰুৰীকালীন সময়ত মিছাৰ প্ৰাক্তন বন্দী আৰু বৰ্তমান ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ সভাপতি ৰাম বাহাদুৰ ৰায়ে বৃহস্পতিবাৰে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী হৈছে ভাৰতৰ সংবিধান ১০০% মানি লোৱা আৰু সন্মান কৰা প্ৰথমজন
इंदिरा गांधी राष्ट्रीय कला केंद्र (आईजीएनसीए) के अध्यक्ष राम बहादुर राय के साथ अन्य लोग मौजूद।


নতুন দিল্লী, ২৫ জুন (হি.স.)। জৰুৰীকালীন সময়ত মিছাৰ প্ৰাক্তন বন্দী আৰু বৰ্তমান ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ সভাপতি ৰাম বাহাদুৰ ৰায়ে বৃহস্পতিবাৰে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী হৈছে ভাৰতৰ সংবিধান ১০০% মানি লোৱা আৰু সন্মান কৰা প্ৰথমজন প্ৰধানমন্ত্ৰী। প্ৰখ্যাত সাংবাদিক তথা পদ্মভূষণ ৰাম বাহাদুৰ ৰায়ে দিল্লীৰ দ্বাৰকাস্থিত চিচিআৰটি প্ৰেক্ষাগৃহত সংবিধান হত্যা দিৱসৰ স্মৃতিত আৰু জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে আয়োজন কৰা লং লিভ ডেমক্ৰেচী (গণতন্ত্ৰ দীৰ্ঘজীৱী) কাৰ্যসূচীত ভাষণ প্ৰদান কৰে। এই বিশেষ কাৰ্যসূচী দেশজোৰা চলি থকা অনুষ্ঠানসমূহৰ সামৰণি হিচাপে আয়োজন কৰা হৈছিল।

প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলৰ কথা উল্লেখ কৰি ৰাম বাহাদুৰ ৰায়ে কয়, জৱাহৰলাল নেহৰুৰ পৰা ড° মনমোহন সিংলৈকে প্ৰতিজন প্ৰধানমন্ত্ৰীৰ সংবিধানৰ সৈতে কোনোবা নহয় কোনোবা অভিযোগ আহিছে, কিন্তু মোডী হৈছে ভাৰতৰ সংবিধানক ১০০% মানি লোৱা আৰু সম্পূৰ্ণৰূপে সন্মান কৰা প্ৰথমজন প্ৰধানমন্ত্ৰী।

জৰুৰীকালীন সময়ছোৱাৰ কথা মনত পেলাই ৰায়ে কয় যে ইন্দিৰা গান্ধীয়ে নিজৰ অসন ৰক্ষাৰ উদ্দেশ্যে “খেল শেষ হোৱাৰ পিছত খেলৰ নিয়ম সলনি কৰিছিল” আৰু বিৰোধী দলক সম্পূৰ্ণৰূপে দুৰ্বল কৰি তুলিছিল। ৰায়ে প্ৰধানমন্ত্ৰী মোডীক জৰুৰীকালীন সময়ত সংবিধানত কৰা অবৈধ পৰিৱৰ্তন বাতিল কৰি ১৯৭৫ চনৰ ২৫ জুনৰ আগৰ মূল সংবিধানখন পুনৰ ঘূৰাই আনিবলৈ আবেদন জনায়। সংসদৰ কাৰ্যকাল এবছৰ বৃদ্ধি কৰা ৪২ সংখ্যক সাংবিধানিক সংশোধনীৰ সমালোচনা কৰি তেওঁ কয় যে ২০০খন দেশৰ সংবিধানৰ প্ৰস্তাৱনাত কোনো খেলিমেলি কৰা হোৱা নাছিল যদিও ১৯৫০ চনৰ ২৬ জানুৱাৰীত কাৰ্যকৰী হোৱা ভাৰতীয় সংবিধানৰ সমগ্ৰ গাঁথনি সলনি কৰা হৈছিল।

তেওঁ আঙুলিয়াই দিলে যে আমাৰ হাতত এতিয়া দুটা গুৰুত্বপূৰ্ণ দিন আছে: সংবিধান দিৱস (যিটোৱে সংবিধানক সন্মান শিকায়) আৰু সংবিধান হত্যা দিৱস (যিটোৱে ইয়াক সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি জগাই তোলে)। আমি এই দিৱসটো সংবিধানক জনা, সন্মান, আৰু গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি হিচাপে পালন কৰা উচিত আৰু প্ৰয়োজন হ’লে সংস্কাৰৰ বাবে কণ্ঠস্বৰ উত্থাপন কৰাৰ সংকল্প ৰূপে পালন কৰা উচিত।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande