
কামৰূপ, ২৫ জুন (হি.স.)। ৰামদিয়া আৰক্ষীৰ জালত দুই গভাইত চোৰ- বগা আৰু জয়দীপ ।
ৰামদিয়াৰ উজানকুৰিৰ ৰুবুল আলীৰ ঘৰত যোৱা ৫ জুনত সংঘটিত হৈছিল এক চুৰিকাণ্ডৰ ঘটনা। ঘটনাৰ সন্দৰ্ভত ৰুবুল আলীৰ পৰিয়ালে ৰামদিয়া আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত ৰামদিয়া আৰক্ষীয়ে তদন্ত চলাই বৃহত্তৰ ৰামদিয়া অঞ্চলত সন্ত্ৰাস চলাই অহা আৰু আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা দুই গভাইত চোৰ অৱশেষত ৰামদিয়া আৰক্ষীয়ে ধৰিবলৈ সক্ষম হয়।
ধৃত চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত অন্য এগৰাকী ব্যক্তিৰ ওচৰত বিক্ৰী কৰা চুৰি পানী উঠোৱা পাম্পছেট উদ্ধাৰ কৰে আৰক্ষীয়ে । ইফালে ধৃত দুই গভাইত চোৰক আটক কৰাৰ লগতে এএচ ০১- জিকে ৫০৭১ নম্বৰৰ এখন ৰয়েল এনফিল্ড হাণ্টাৰ মটৰ চাইকেল বাহন এখনো জব্দ কৰে আৰক্ষীয়ে। ধৃত দুই গভাইত চোৰ মুস্তাকিন আলী ওৰফে বগা (৩০) আৰু জয়দীপ ডেকা (২৭) । ইফালে ধৃত দুই চোৰৰ জয়দীপ ডেকা কেইবাৰো অপৰাধ জনিত ঘটনাৰ লগত জড়িত হোৱাৰ অভিযোগত ৰঙা ঘৰৰ আলহী হৈছিল। আজি দুই গভাইত চোৰক ৰামদিয়া আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা