ইন্দিৰা গান্ধীৰ কলা জৰুৰী আইনৰ কুফল ভোগ কৰিছে কংগ্রেছেঃমন্ত্রী নীলিমা দেৱী
বজালী, ২৫ জুন (হি.স.)। বজালীত উপস্থিত অভিভাৱক মন্ত্রী নীলিমা দেৱী। ইন্দিৰা গান্ধীৰ কলা জৰুৰী আইনৰ কুফল ভোগ কৰিছে কংগ্রেছে | মৎস্য পালকৰ ৰাসায়নিক সাৰ প্ৰয়োগৰ বিষয়টো বিবেচনা কৰা হ''ব | অভিভাৱক মন্ত্রীৰূপে দায়িত্ব লৈ বজালীত প্ৰথমবাৰৰ বাবে আহে ম
ইন্দিৰা গান্ধীৰ কলা জৰুৰী আইনৰ কুফল ভোগ কৰিছে কংগ্রেছেঃমন্ত্রী নীলিমা দেৱী


বজালী, ২৫ জুন (হি.স.)। বজালীত উপস্থিত অভিভাৱক মন্ত্রী নীলিমা দেৱী।

ইন্দিৰা গান্ধীৰ কলা জৰুৰী আইনৰ কুফল ভোগ কৰিছে কংগ্রেছে |

মৎস্য পালকৰ ৰাসায়নিক সাৰ প্ৰয়োগৰ বিষয়টো বিবেচনা কৰা হ'ব |

অভিভাৱক মন্ত্রীৰূপে দায়িত্ব লৈ বজালীত প্ৰথমবাৰৰ বাবে আহে মীন আৰু পশুপালন মন্ত্রী নীলিমা দেৱী।

বজালী জিলা আয়ুক্ত কাৰ্যালয়ত জিলা খনৰ বিভিন্ন বিভাগৰ বিষয়া সকলৰ লগত আলোচনাত মিলিত হয় অভিভাৱক মন্ত্ৰী গৰাকীয়ে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্রী গৰাকীয়ে ইন্দিৰা গান্ধীৰ ১৯৭৫ চনৰ জৰুৰী আইনৰ কথা উল্লেখ কৰি কয় যে কংগ্রেছে জৰুৰী আইনৰ নিচিনা প্ৰৱৰ্তন কৰা কলা আইনৰ কুফল ভোগ কৰিছে। আজি কংগ্রেছে পূৰ্বৰ পাপৰ ফল ভোগ কৰি আছে।

আনহাতে মীন বিভাগৰ মন্ত্রী হিচাপে ৰাজ্যৰ মৎস্য খেতিয়কে মৎস পালনত ৰাসায়নিক সাৰ প্ৰয়োগৰ বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰিব বুলি উল্লেখ কৰে। উল্লেখ্য যে, বজালী জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পূৰ্বে মন্ত্ৰী গৰাকীয়ে পাঠশালা বিজেপি জিলা কাৰ্যালয়ত উপস্থিত হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande