
বৰপেটা, ২৫ জুন (হি.স.): বৰষুণত খহি গ'ল জনীয়াৰ ৰূপাকুছি-কান্দাপাৰা সংযোগী ব্ৰিজৰ এপ্রোচ । কাদঙৰ পৰা মন্দিয়ালৈ যোৱা চাউলখোৱা নদীৰ ওপৰত থকা ৰূপাকুছি- কান্দাপাৰা সংযোগী পকী ব্ৰিজৰ দুই কাষৰ এপ্রোচ খহি গাঁতৰ সৃষ্টি হৈছে ।
পকী ব্ৰিজৰ দুই কাষত খহি সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ। যাৰ ফলত যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন পথচাৰীৰ। এপ্রোচৰ গাঁতত বাঁহ পুতি দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ চেষ্টা ৰাইজৰ। মাজে সময়ে সংঘটিত হয় সৰু বৰ দুৰ্ঘটনা অতি শীঘ্ৰে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক উক্ত পথচোৱা মেৰামতি কৰাৰ আহ্বান জনায় ৰাইজে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ