
কাছাৰ, ২৫ জুন (হি.স.): অসম-মেঘালয় সীমান্তৱৰ্তী কাছাৰৰ গুমড়াত আৰক্ষীয়ে যোৱা কালি বুধবাৰে বিয়লি এক অভিযান চলাই বৃহৎ পৰিমাণৰ নিষিদ্ধ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছে। এক গোপন সূত্ৰৰ পম খেদি গুমড়া আৰক্ষীয়ে পুৰণি এম ভি আই (MVI) গেট এলেকাৰ ৰাষ্ট্ৰীয় ঘাইপথত খাপ পিটি বহি আছিল।
আৰক্ষীৰ সূত্ৰই জনোৱা মতে, এএছ ০১ ডিএন ৫২০২ নম্বৰৰ এখন বাহনেৰে বহিঃৰাজ্য মেঘালয়লৈ এই নিষিদ্ধ হেৰ’ইনখিনি সৰবৰাহ কৰাৰ পৰিকল্পনা কৰা হৈছিল। কিন্তু আৰক্ষীয়ে সন্দেহযুক্ত বাহনখন আটক কৰি তন্ন তন্নকৈ তালাচী চলায় আৰু বাহনখনৰ পৰা ১৫ টা চাবোনৰ বাকচ ভৰ্তি হেৰ’ইন উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা হেৰ’ইনৰ ওজন:প্ৰায় ১৭৭ গ্ৰাম। জব্দ হোৱা হেৰ’ইনৰ মূল্য প্ৰায় ১ কোটি টকা হ’ব বুলি কোৱা হৈছে ।
এই ড্ৰাগছ সৰবৰাহ কাণ্ডৰ সৈতে জড়িত থকাৰ অপৰাধত আৰক্ষীয়ে নগাঁও জিলাৰ দুজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ধৃত অপৰাধী দুজন ক্ৰমে হাছান আলী আৰু চিদ্দিক ইছলাম বুলি চিনাক্ত কৰা হৈছে। বৰ্তমান আৰক্ষীয়ে ধৃত লোক দুজনক অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ