অসম নাগালেণ্ড সীমান্তৰ মাজগাওঁ ১৫৫ নং চি.আৰ.পি.এফ শিবিৰৰ সন্মুখত সীমান্তবাসীৰ তীব্ৰ প্ৰতিবাদ
গোলাঘাট, ২৫ জুন (হি.স.)। অসম নাগালেণ্ড সীমান্তৰ মধ্যমপুৰ পঞ্চায়তৰ অন্তৰ্গত মাজগাওঁ ১৫৫ নং চি.আৰ.পি.এফ শিবিৰৰ সন্মুখত সীমান্তবাসীৰ তীব্ৰ প্ৰতিবাদ। বাৰে বাৰে সীমান্তবাসী ৰাইজক চি.আৰ.পি.এফে হাৰাহাস্তি কৰাৰ অভিযোগত প্ৰতিবাদ। শেহতীয়াকৈ দীপক দে নামৰ এ
অসম নাগালেণ্ড সীমান্তৰ মাজগাওঁ ১৫৫ নং চি.আৰ.পি.এফ শিবিৰৰ সন্মুখত সীমান্তবাসীৰ তীব্ৰ প্ৰতিবাদ


গোলাঘাট, ২৫ জুন (হি.স.)। অসম নাগালেণ্ড সীমান্তৰ মধ্যমপুৰ পঞ্চায়তৰ অন্তৰ্গত মাজগাওঁ ১৫৫ নং চি.আৰ.পি.এফ শিবিৰৰ সন্মুখত সীমান্তবাসীৰ তীব্ৰ প্ৰতিবাদ।

বাৰে বাৰে সীমান্তবাসী ৰাইজক চি.আৰ.পি.এফে হাৰাহাস্তি কৰাৰ অভিযোগত প্ৰতিবাদ।

শেহতীয়াকৈ দীপক দে নামৰ এগৰাকী ব্যৱসায়ীৰ চি.আৰ.পি.এফে দোকান বন্ধ কৰি তলা মাৰি চাবি লৈ অনাৰ অভিযোগ উত্থাপন হৈছে।

সমান্তৰলাকৈ পূৰ্বেও অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত চি.আৰ.পি.এফ শিবিৰৰ সন্মুখেৰে পাৰ হৈ যোৱা প্ৰতিখন গাড়ীৰ পৰা দাবী ধমকিৰে শিল, বালি, ইটা নমাই থোৱাৰো অভিযোগ আছে।

নগাই অংগুষ্ঠ প্ৰদৰ্শন কৰা চি.আৰ.পি.এফে বৰমতা দেখুৱাত আজি সীমান্তবাসী ৰাইজে তীব্ৰ প্ৰতিবাদ সাবস্ত কৰিছে।

প্ৰতিবাদস্থলীত উপস্থিত হৈছে সৰুপথাৰ সমজিলাৰ সীমান্ত দণ্ডাধীশ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande