অসমৰ জয়সাগৰ হ্ৰদত ভাৰতীয় বায়ুসেনাৰ যুদ্ধ অনুশীলন
শিৱসাগৰ, ২৫ জুন (হি.স.): অসমৰ শিৱসাগৰ জিলাৰ ঐতিহাসিক জয়সাগৰ হ্ৰদত বৃহস্পতিবাৰে ভাৰতীয় বায়ুসেনাই এক যুদ্ধকৌশল ৰূপায়ণ কৰে। এই অনুশীলনৰ সময়ত বায়ুসেনাৰ জোৱানসকলে নিজৰ কাৰ্য্যকৰী ক্ষমতা আৰু দ্ৰুত নিয়োগ দক্ষতা প্ৰদৰ্শন কৰে। প্ৰায় আধা ঘণ্টা ধৰি চ
Image of the Indian Air Force Conducting Military Drill at Historic Joysagar Pond in Sivasagar.


শিৱসাগৰ, ২৫ জুন (হি.স.): অসমৰ শিৱসাগৰ জিলাৰ ঐতিহাসিক জয়সাগৰ হ্ৰদত বৃহস্পতিবাৰে ভাৰতীয় বায়ুসেনাই এক যুদ্ধকৌশল ৰূপায়ণ কৰে। এই অনুশীলনৰ সময়ত বায়ুসেনাৰ জোৱানসকলে নিজৰ কাৰ্য্যকৰী ক্ষমতা আৰু দ্ৰুত নিয়োগ দক্ষতা প্ৰদৰ্শন কৰে।

প্ৰায় আধা ঘণ্টা ধৰি চলি থকা এই অনুশীলনত হেলিকপ্টাৰ ব্যৱহাৰ কৰি বিভিন্ন সামৰিক কৌশলৰ ব্যৱস্থা কৰা হৈছিল। এই কৌশলৰ সময়ত পেৰাট্ৰুপাৰসকলে হেলিকপ্টাৰৰ পৰা পোনে পোনে জয়সাগৰ হ্ৰদত জপিয়াই পৰি উপস্থিতসকলৰ মাজত উত্তেজনাৰ সৃষ্টি কৰে।

বিশেষ পৰিস্থিতিত বিমান অভিযান আৰু জৰুৰীকালীন সঁহাৰিৰ ক্ষমতা পৰীক্ষাৰ বাবে এই অনুশীলন চলোৱা হৈছিল। বায়ুসেনাৰ জোৱানসকলে নিজৰ নিৰ্ধাৰিত অভিযান সফলতাৰে সম্পন্ন কৰিলে।

এই অনুশীলনৰ সাক্ষী হ’বলৈ জয়সাগৰ হ্ৰদৰ পাৰত এক বৃহৎ জনসমাগম গোট খাইছিল। স্থানীয় লোক আৰু পৰ্যটকে বায়ুসেনাৰ এই ৰোমাঞ্চকৰ প্ৰদৰ্শন উৎসাহেৰে চাই কৰ্মীসকলৰ দক্ষতাক শলাগ লয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande