নলবাৰীৰ বালিতাৰাত প্ৰেমিক যুগলৰ আত্মহত্য়াৰ ঘটনাত শোকৰ বন্য়া
নলবাৰী, ২৫ জুন (হি.স.)। নলবাৰী জিলাৰ প্ৰেমিক যুগলৰ আত্মহত্য়াৰ শোকাৱহ ঘটনাই বৃহস্পতিবাৰে সকলোৱে শোকদগ্ধ কৰি তুলিছে ৷ এহাল প্ৰেমিক প্ৰেমিকাই একেলগে জীৱন শেষ কৰি গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱাক লৈ জিলাখনত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে । বৃহস্পতিবাৰ পুৱ
নলবাৰীৰ বালিতাৰাত প্ৰেমিক যুগলৰ আত্মহত্য়াৰ ঘটনাত শোকৰ বন্য়া


নলবাৰী, ২৫ জুন (হি.স.)। নলবাৰী জিলাৰ প্ৰেমিক যুগলৰ আত্মহত্য়াৰ শোকাৱহ ঘটনাই বৃহস্পতিবাৰে সকলোৱে শোকদগ্ধ কৰি তুলিছে ৷ এহাল প্ৰেমিক প্ৰেমিকাই একেলগে জীৱন শেষ কৰি গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱাক লৈ জিলাখনত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে । বৃহস্পতিবাৰ পুৱাৰ এই চাঞ্চল্যকৰ আৰু শিহৰণকাৰী ঘটনাক লৈ সকলোকে উদ্বিগ্ন কৰি তুলিছে। ইতিমধ্য়ে নলবাৰী শ্বহীদ মুকুন্দ কাকতি হস্পিতালত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত নিজ নিজ পৰিয়ালক গতাই দিছে মৃতদেহ দুটা ।

ঘটনাৰ বিৱৰণী মতে বুধবাৰে নিশা বাৰ বজাৰ পিছত প্ৰেমিকযুগল সন্ধানহীন হৈ আছিল । ইয়াৰে যুৱকগৰাকী ১ নং বালিতাৰাৰ সোণেশ্বৰ কলিতাৰ পুত্ৰ উজ্জ্বল কলিতা বুলি চিনাক্ত কৰা হৈছে । উজ্জ্বল কলিতা উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ। ইফালে দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী গৰাকীৰ ঘৰো বালিতাৰাতে আছিল। জানিব পৰামতে, নিশা পঢ়ি থকা অৱস্থাতে মৃত যুৱতীগৰাকী ঘৰৰ পৰা নোহোৱা হৈছিল। ইয়াৰ পিছতে যুৱতীগৰাকীৰ পৰিয়ালে বিচাৰ-খোচৰ কৰে গোটেই নিশা । কিন্তু পুৱা সকলো বালিতাৰাৰ পথাৰৰ ফালৰ এখন জংঘলত দুয়োকে তেনেদৰে প্ৰত্যক্ষ কৰি মৰ্মাহত হয়।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande