নগাঁৱৰ কচুৱা হালধীবাৰীত মৰ্মান্তিক ঘটনা
নগাঁও, ২৪ জুন (হি.স.)। নগাঁৱৰ কচুৱা হালধীবাৰীত মৰ্মান্তিক ঘটনা ৷ পুখুৰীত পৰি একে পৰিয়ালৰে দুই কন্যা শিশুৰ কৰুণ মৃত্যু ৷ মৃত শিশু দুটি ৮ বছৰীয়া আয়েশা ছিদ্দিকা আৰু ৭ বছৰীয়া চুমাইয়া আক্তাৰ ৷ মংগলবাৰে বিয়লী খেলি থকা অৱস্থাত সন্ধানহীন হয় শিশু দুটি ৷ ন
নগাঁৱৰ কচুৱা হালধীবাৰীত মৰ্মান্তিক ঘটনা


নগাঁও, ২৪ জুন (হি.স.)। নগাঁৱৰ কচুৱা হালধীবাৰীত মৰ্মান্তিক ঘটনা ৷ পুখুৰীত পৰি একে পৰিয়ালৰে দুই কন্যা শিশুৰ কৰুণ মৃত্যু ৷

মৃত শিশু দুটি ৮ বছৰীয়া আয়েশা ছিদ্দিকা আৰু ৭ বছৰীয়া চুমাইয়া আক্তাৰ ৷

মংগলবাৰে বিয়লী খেলি থকা অৱস্থাত সন্ধানহীন হয় শিশু দুটি ৷ নিশা পথৰ কাষত থকা এটা দ' পুখুৰীত উদ্ধাৰ হয় দুয়োটা মৃতদেহ ৷

কেনেকৈ দুই কন্যা শিশু পুখুৰীত পৰিল সেইয়া জানিব পৰা নাই ৷ ঘটনাস্থলীত কচুৱা আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande