আই. চি. চি.-ৰ এদিনীয়া ৰেংকিঙত শুবমান গিল দ্বিতীয় স্থানলৈ উন্নীত, টেষ্টত বুমৰাৰ সৈতে সমতাত মেট্ হেনৰী
নতুন দিল্লী, ২৪ জুন (হি.স.)। ভাৰতীয় অধিনায়ক শুভমন গিলে আইচিচিৰ শেহতীয়া এদিনীয়া বেটিং ৰেংকিঙত তিনিটা স্থান জঁপিয়াই দ্বিতীয় স্থান লাভ কৰিছে। ইফালে ইংলেণ্ডৰ বিৰুদ্ধে নিউজিলেণ্ডৰ বেগী বলাৰ মেট হেনৰীয়ে টেষ্ট বলাৰৰ ৰেংকিঙত শীৰ্ষ ৰেংকিঙৰ ভাৰতীয় পে
शुभमन गिल


নতুন দিল্লী, ২৪ জুন (হি.স.)। ভাৰতীয় অধিনায়ক শুভমন গিলে আইচিচিৰ শেহতীয়া এদিনীয়া বেটিং ৰেংকিঙত তিনিটা স্থান জঁপিয়াই দ্বিতীয় স্থান লাভ কৰিছে। ইফালে ইংলেণ্ডৰ বিৰুদ্ধে নিউজিলেণ্ডৰ বেগী বলাৰ মেট হেনৰীয়ে টেষ্ট বলাৰৰ ৰেংকিঙত শীৰ্ষ ৰেংকিঙৰ ভাৰতীয় পেচাৰ জছপ্ৰিত বুমৰাহৰ সৈতে সমতা স্থাপন কৰিছে। দুয়োটাৰে ৰেটিং পইণ্ট ৮৭০টাকৈ।

শেহতীয়াকৈ আফগানিস্তানৰ বিৰুদ্ধে সমাপ্ত হোৱা তিনিখন মেচৰ এদিনীয়া শৃংখলাত গিলৰ আকৰ্ষণীয় প্ৰদৰ্শনে তেওঁক যথেষ্ট উপকৃত কৰিছে। প্ৰথম দুখন মেচত তেওঁ ৮৪ আৰু ১৫৪ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে তৃতীয়খন খেলত বেটিং কৰা নাছিল। শেহতীয়া ৰেংকিঙত গিল এতিয়া শীৰ্ষ ৰেংকিঙৰ নিউজিলেণ্ডৰ ডেৰিল মিচেলক মাত্ৰ ২৪ ৰেটিং পইণ্টেৰে পিছ পৰি আছে। ভাৰতীয় বেটছমেন বিৰাট কোহলীয়ে হামষ্ট্ৰিঙৰ আঘাতৰ বাবে আফগানিস্তানৰ শৃংখলাত অংশ ল’ব নোৱাৰিলে, যাৰ ফলত তেওঁ এটা স্থান পিছলি তৃতীয় স্থানলৈ নামি যায়। চতুৰ্থ স্থানত ৰৈ আছে ৰোহিত শৰ্মা।

তদুপৰি শ্ৰেয়াছ আয়েৰে ১৪ নম্বৰ স্থানলৈ উঠি অহাৰ বিপৰীতে কে এল ৰাহুলে দুটা স্থান পিছলি ১১ নম্বৰ স্থান লাভ কৰিছে। ঈশান কিষানে ২১টা স্থানৰে উল্লেখযোগ্য জাঁপ দি ৪৩ নম্বৰ স্থান দখল কৰিছে। বলাৰৰ ৰেংকিঙতো ভাৰতীয় খেলুৱৈয়ে লাভৱান হৈছে। আৰ্শদীপ সিঙে ১৬ স্থান বৃদ্ধি পাই ২২ নম্বৰ, প্ৰসিদ্ধ কৃষ্ণই ৩৪ স্থান জপিয়াই ৫৮ নম্বৰ, আৰু ৱাশ্বিংটন সুন্দৰে ১৭ স্থান বৃদ্ধি পাই যৌথ ৭১ নম্বৰত স্থান লাভ কৰিছে।

ইফালে নিউজিলেণ্ডৰ বেগী বলাৰ মেট হেনৰীয়ে ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত ১১টা উইকেট দখল কৰি ইতিহাস ৰচনা কৰে। টেষ্ট বলাৰৰ ৰেংকিঙত শীৰ্ষ স্থান দখল কৰি হেনৰীয়ে জস্প্ৰিত বুমৰাহক সমান কৰে।

আইচিচিৰ তথ্য অনুসৰি হেনৰীয়ে টেষ্ট বলাৰৰ ৰেংকিঙত শীৰ্ষস্থান দখল কৰা মাত্ৰ তৃতীয়জন নিউজিলেণ্ড খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে এই কৃতিত্ব জেক ক’ৱি (১৯৪৭) আৰু কিংবদন্তি অলৰাউণ্ডাৰ ৰিচাৰ্ড হেডলীয়ে (১৯৮৪-১৯৯০) অৰ্জন কৰিছিল।

৩৬ বছৰৰ পাছত পুনৰ টেষ্ট বলিং ৰেংকিঙত এক নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে নিউজিলেণ্ডৰ এগৰাকী বেগী বলাৰ।

ইংলেণ্ডৰ ষ্টেণ্ড ইন অধিনায়ক জো ৰুটে দুটা স্থান জপিয়াই টেষ্ট বেটিং ৰেংকিঙত পুনৰ এক নম্বৰ স্থান দখল কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande